আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং, অসমৰ ২১ গৰাকী খেলুৱৈ তৃতীয় ৰাউণ্ডত

অসমৰ মুঠ ২১ গৰাকী খেলুৱৈয়ে গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ জুনিয়ৰৰ ছোৱালীৰ ৪৪ কেজি শাখাত অসমৰ মনিকা দলে আৰু লিজা নাথে নিজৰ নিজৰ মেচত জয়লাভ কৰে৷

ইফালে, বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল’ৰাৰ জুনিয়ৰৰ ৪৪ কেজি শাখাত প্ৰশান্ত ৰাজবংশী আৰু দ্বীপাংকৰ দাসে জয়লাভ কৰাৰ লগতে ৪৬ কেজিত হিমাংশু বৰা, ৫৪ কেজিত নিপেন সিনহা তথা ৫৭ কেজিত ছাহিমন নেৱাৰে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে৷

আনহাতে, ছাব-জুনিয়ৰৰ ছোৱালীৰ ৪০ কেজিত প্ৰিয়ংকা, ৪৩ কেজিত অস্মিতা ৰয়, পাবিশা সন্দিকৈ, ৪৬ কেজিত পৰিস্মিতা শইকীয়া, প্ৰেমিকা বসুমতাৰী, প্ৰিথিক মুছাহাৰী আৰু ৪৯ কেজিত ৰিম্পী পেগুৱে জয়লাভ কৰাৰ বিপৰীতে ল’ৰাৰ ছাব-জুনিয়ৰৰ ৪০ কেজিত আদিত্য ৰাজভৰ, আয়ান শইকীয়া, ৪৩ কেজিত লুনমিন খোংছাই, নীৰজ, লক্ষ্যজিত চুতীয়া, ৪৬ কেজিত ধনঞ্জয় বড়ো আৰু ৪৯ কেজিত লাচিতে জয়লাভ কৰি পৰবৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে৷

উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷ অহা ৩০ ছেপ্টেম্বৰত প্ৰতিযোগিতাখন সামৰণি পৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...