পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাৰিষাৰ বাবে পৰ্যটক নিষিদ্ধ হৈ আছিল বিভিন্ন দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰে সমৃদ্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। বিগত ৫ মাহ ধৰি বাৰিষাৰ বাবে বন্ধ আছিল ৰাষ্ট্ৰীয় উদ্যানখন। বৰষুণে ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁঠনিৰ কৰিছিল ব্যাপক ক্ষতি, যোগাযোগ বিচ্ছিন্ন হৈ আছিল অৰণ্যৰ বিস্তীৰ্ণ এলেকা। কিন্তু অহা ১ অক্টোবৰত উদ্যান খোলাৰ বাবে উদ্যান কৰ্তৃপক্ষই লৈছে লক্ষ্য। সেয়ে উদ্যান কৰ্তৃপক্ষই তৎপৰতা আৰম্ভ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ বাট–পথ উন্নয়নৰ। বিগত ৫ মাহ ধৰি পৰ্যটকৰ বাবে নিষিদ্ধ হৈ থকাৰ ফলত মানাহৰ নৈসৰ্গিক সৌন্দৰ্য জীপাল হৈ উঠিছে। যান–বাহনৰ প্ৰৱেশ বন্ধ হৈ থকাৰ ফলত মানাহৰ বন্যপ্ৰাণীয়ে মুক্ত বিচৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। ফলত মানাহৰ অভ্যন্তৰত বন্যপ্ৰাণীৰ বাবে সৃষ্টি হয় এক অনুকূল পৰিৱেশ।

মানাহত বন্যপ্ৰাণী প্ৰত্যক্ষ কৰাৰ উপৰিও পৰ্যটকসকলৰ বিনোদনৰ বাবে উদ্যান কৰ্তৃপক্ষই লৈছে বিভিন্ন কাৰ্যসূচী। মানাহত পৰ্যটকৰ বাবে পুনৰ আয়োজন জীপ ছাফাৰী, হাতী ছাফাৰী। উদ্যানৰ কাষেৰে বৈ যোৱা বেঁকী নৈত অনুষ্ঠিত হ’ব ৰাফটিং।

মুঠতে পৰ্যটকক উষ্মভাৱে আদৰণি জনাবলৈ কাৰ্পণ্য কৰা নাই উদ্যান কৰ্তৃপক্ষই। বতৰে আমনি নকৰিলে আৰু সকলো ঠিকে থাকিলে অহা ১ অক্টোবৰত মানাহে আদৰণি জনাব দেশ–বিদেশৰ পৰ্যটকক। ইয়াৰ বাবে প্ৰস্তুতি তুংগত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...