সিদ্ধাৰ্থ-কিয়াৰাৰ জীৱনত বিলাসী সংযোজন

বলীউডত ‘পাৱাৰ কাপল’ সিদ্ধাৰ্থ-কিয়াৰা। সিদ্ধাৰ্থ-কিয়াৰাৰ জীৱনত বিলাসী সংযোজন। দুয়োৱে ক্ৰয় কৰিলে ‘লেণ্ড ৰভাৰ ৰেঞ্জাৰ 3.0’।

পাপাৰাজিৰ কেমেৰাত প্ৰায়ে বন্দী হয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। এইবাৰ নতুন বিলাসী গাড়ীৰ সৈতে কেমেৰাত বন্দী সিদ্ধাৰ্থ-কিয়াৰা। গাড়ী সংগ্ৰহত যথেষ্ট আকৰ্ষিত তাৰকাদ্বয়। সম্প্ৰতি ক্ৰয় কৰা ‘লেণ্ড ৰভাৰ’ৰ মূল্য ৩ কোটি।

সামাজিক মাধ্যমত ভাইৰেল তাৰকাদ্বয়ৰ নতুন গাড়ীত চফৰ কৰা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে দুয়োকে অভিনন্দন জনাইছে নেটিজেনে। ২০২১ত প্ৰেমৰ বান্ধোনেৰে বান্ধ খাইছিল সিদ্ধাৰ্থ-কিয়াৰা। ‘শ্বেৰশ্বাহ’ ছবিৰ ছেটত দুয়ো-দুয়োৰে প্ৰেমত পৰিছিল। ২০২৩ৰ ফেব্ৰুৱাৰীত আবদ্ধ হৈছিল বিবাহপাশত

পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত জয়ছালমেৰত বিবাহ সম্পন্ন হৈছিল দুয়োৰে। মৰম-ভালপোৱাৰ মাজেৰে দুয়ো পাৰ কৰিছে সুখী বৈবাহিক জীৱন। সততে কোনোধৰণৰ সমালোচনা সৈতে জড়িত হোৱা দেখা নাযায় সিদ্ধাৰ্থ-কিয়াৰাক।

বলীউডৰ তাৰকাসকলৰ মাজত অব্যাহত আছে বিলাসী গাড়ী ক্ৰয় কৰাৰ এক অঘোষিত প্ৰতিযোগিতা। শেহতীয়াকৈ সেই প্ৰতিযোগিতাতেই যেন নামি পৰিল সিদ্ধাৰ্থ আৰু কিয়াৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...