সিদ্ধাৰ্থ-কিয়াৰাৰ জীৱনত বিলাসী সংযোজন

বলীউডত ‘পাৱাৰ কাপল’ সিদ্ধাৰ্থ-কিয়াৰা। সিদ্ধাৰ্থ-কিয়াৰাৰ জীৱনত বিলাসী সংযোজন। দুয়োৱে ক্ৰয় কৰিলে ‘লেণ্ড ৰভাৰ ৰেঞ্জাৰ 3.0’।

পাপাৰাজিৰ কেমেৰাত প্ৰায়ে বন্দী হয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। এইবাৰ নতুন বিলাসী গাড়ীৰ সৈতে কেমেৰাত বন্দী সিদ্ধাৰ্থ-কিয়াৰা। গাড়ী সংগ্ৰহত যথেষ্ট আকৰ্ষিত তাৰকাদ্বয়। সম্প্ৰতি ক্ৰয় কৰা ‘লেণ্ড ৰভাৰ’ৰ মূল্য ৩ কোটি।

সামাজিক মাধ্যমত ভাইৰেল তাৰকাদ্বয়ৰ নতুন গাড়ীত চফৰ কৰা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে দুয়োকে অভিনন্দন জনাইছে নেটিজেনে। ২০২১ত প্ৰেমৰ বান্ধোনেৰে বান্ধ খাইছিল সিদ্ধাৰ্থ-কিয়াৰা। ‘শ্বেৰশ্বাহ’ ছবিৰ ছেটত দুয়ো-দুয়োৰে প্ৰেমত পৰিছিল। ২০২৩ৰ ফেব্ৰুৱাৰীত আবদ্ধ হৈছিল বিবাহপাশত

পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত জয়ছালমেৰত বিবাহ সম্পন্ন হৈছিল দুয়োৰে। মৰম-ভালপোৱাৰ মাজেৰে দুয়ো পাৰ কৰিছে সুখী বৈবাহিক জীৱন। সততে কোনোধৰণৰ সমালোচনা সৈতে জড়িত হোৱা দেখা নাযায় সিদ্ধাৰ্থ-কিয়াৰাক।

বলীউডৰ তাৰকাসকলৰ মাজত অব্যাহত আছে বিলাসী গাড়ী ক্ৰয় কৰাৰ এক অঘোষিত প্ৰতিযোগিতা। শেহতীয়াকৈ সেই প্ৰতিযোগিতাতেই যেন নামি পৰিল সিদ্ধাৰ্থ আৰু কিয়াৰা।

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...