মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ। উমকিয়াঙৰ পাহাৰৰ এখন চুপাৰি বাগিচাত উদ্ধাৰ মৃতদেহটো। মৃত লোকজন বাংলাদেশৰ আৱামী লীগৰ নেতা ইছাক আলী খান পান্না। ৬০ বছৰীয়া ইছাক আলীৰ মৃতদেহ উদ্ধাৰ মেঘালয়ৰ আৰক্ষীৰ। পাছপ’ৰ্টৰ পৰা মৃত লোকজন ইছাক আলী বুলি নিশ্চিত আৰক্ষী। বাংলাদেশ উচ্চায়ুক্তৰে যোগাযোগ কৰি নিশ্চিত কৰা হৈছে ইছাকৰ তথ্য। বাংলাদেশৰ ফিৰোজপুৰৰ আৱামী লীগৰ সাঃসম্পাদক আছিল ইছাক। হাছিনা চৰকাৰৰ পতনৰ পাছত উমকিয়াং সীমান্তৰে ভাৰত প্ৰৱেশ কৰিছিল ইছাকে। বাংলাদেশৰ ছাত্ৰ নেতাৰ ৰোষৰ পৰা বাচিবলৈ ভাৰত প্ৰৱেশ কৰিছিল ইছাকে। লোকজনৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...