USTMৰ স্বত্বাধিকাৰী হকৰ পিছত বেয়াকৈ লাগিছে মুখ্যমন্ত্ৰী শৰ্মা

USTMৰ স্বত্বাধিকাৰী হকৰ পিছত বেয়াকৈ লাগিছে মুখ্যমন্ত্ৰী শৰ্মা। গ্ৰেপ্তাৰ হব পাৰে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক। মোক বেয়া নাপাব বুলি কৈ মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য।

USTMৰ স্বত্বাধিকাৰীয়ে ভুৱাকৈ উলিয়াইছিল OBC চাৰ্টিফিকেট। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে কৰিমগঞ্জৰ জিলা উপায়ুক্তই। সেই চাৰ্টিফিকেট নাকচ কৰিছিল উপায়ুক্তই। এই বিষয়ত গোচৰ ৰুজু কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। নিজকে শিক্ষাবিদ বুলি দাবী কৰি আনক চাৰ্টিফিকেট দিয়া মানুহজনে নিজেই OBCৰ ভুৱা চাৰ্টিফিকেট উলিওৱা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

ভুৱা চাৰ্টিফিকেট থকা মানুহ এজন কেনেকৈ শিক্ষাবিদ, ফেচবুকতো পোষ্ট মুখ্যমন্ত্ৰীৰ। সংঘাত আৰম্ভ হৈছিল সেই গুৱাহাটীত হোৱা অভূতপূৰ্ব বানৰ পাছত। বান ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা বিজেপি চৰকাৰৰ চকুৰ সন্মুখত গোটেই গুৱাহাটী বুৰ গৈছিল। ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ বানৰ বাবে জগৰীয়া কৰিছিল USTMক। পাছত USTM-এ ফ্লাদ জেহাদ কৰা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। USTMৰ ওপৰত জেদ মুখ্যমন্ত্ৰীৰ। সেই কথা সাংবাদিকৰ সন্মুখতো কৈছিল হিমন্ত বিশ্ব শৰ্মাই।

এতিয়া ওলাইছে USTMৰ স্বত্বাধিকাৰী মেহবুবুল হকৰ ভুৱা চাৰ্টিফিকেট প্ৰসংগ। গোচৰ ৰুজু কৰিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে। গতিকে শংকা ঘনীভূত হৈছে গ্ৰেপ্তাৰ হব নেকি USTMৰ স্বত্বাধিকাৰী মেহবুবুল হক? কাৰণ যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত।

Popular

More like this
Related

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...