পুনৰ উত্তপ্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ। চাকৰি নিয়মীয়াকৰণৰ লগতে ৰাষ্ট্ৰীয়কৰণৰ দাবীত দুদিন ধৰি ঢাকা সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়তে দেওবাৰে নিশা এদল ছাত্ৰৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ।

সংঘৰ্ষই কেইটামান মুহূৰ্ততে লয় ভয়াৱহ ৰূপ। ইটা–শিলাবৰ্ষণত আহত অৰ্ধশতাধিক লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে মোতায়েন কৰিব লগা হয় সেনা বাহিনী। দেওবাৰে নিশা প্ৰায় ৯ বজাত পেৰামিলিটেৰিৰ সহায়ক বাহিনী আনচাৰ বাহিনীয়ে আগুৰি ধৰে ছাত্ৰনেতা তথা অন্তৱৰ্তীনকালীন চৰকাৰৰ উপদেষ্টা নাহিদ ইছলামসহ কেইবাগৰাকী ছাত্ৰক। তাৰপিছতে লাগে সংঘৰ্ষ।

অন্তঃবৰ্তিনকালীন চৰকাৰৰ উপদেষ্টা নাহিদ ইছলামৰ অভিযোগ। অনচাৰ বাহিনীৰ কাৰ্য এক ডাঙৰ ষড়যন্ত্ৰ। হিংসাত জড়িতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰো হুংকাৰ দিলে নাহিদ ইছলামে। ইফালে আনচাৰ আৰু গ্ৰাম্য প্ৰতিৰক্ষ বাহিনীৰ জেনেৰেলে মন্তব্য কৰিছে আন্দোলনকাৰীসকল প্ৰকৃত আনচাৰ বাহিনীৰ সদস্য নহয়। কোনো বহিৰাগত লোকে আনচাৰৰ পোছাক পিন্ধি আন্দোলন কৰিছে। কিন্তু এই ঘটনাই পুনৰ অশান্ত কৰি তুলিছে বাংলাদেশ। এনে সংঘাটৰ মাজতে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছতে দেশবাসীক উদ্দেশ্যি এক ভাষণ দি কয় — বৰ্তমানৰ চৰকাৰে ঐক্য-শান্তিৰ বাবে কাম কৰিছে। কৃষকৰ উন্নয়ণ, নিৰ্বাচন আয়োগৰ সংস্কাৰ কৰা হ’ব। অৱশ্যে কিমান দিনলৈ অন্তৰ্বৰ্তীকালীন চৰকাৰ চলিব সেই সিদ্ধান্ত দেশৰ মানুহে ল’ব মন্তব্য কৰে ইউনুছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...