স্মাৰ্টমিটাৰৰ বিতৰ্ক এইবাৰ অসম বিধানসভা পালেহি…

স্মাৰ্টমিটাৰৰ বিতৰ্ক এইবাৰ অসম বিধানসভা পালেহি। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰে ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষই দিলে বিশেষ পৰামৰ্শ। স্মাৰ্টমিটাৰক লৈ নিজৰ স্থিতি অটল চৰকাৰ। স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হ’বই। একে সময়তে বিৰোধীৰ দাবী যে স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰিব লাগে। স্মাৰ্টমিটাৰৰ বাবেই সদনৰ ভিতৰে-বাহিৰে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ’ল।

উজনিৰ পৰা নামনিলৈ সাধাৰণ গ্ৰাহকে আপত্তি কৰিছে স্মাৰ্টমিটাৰক লৈ। একাংশ গ্ৰাহকৰ অভিযোগ কৰিছে যে স্মাৰ্ট মিটাৰৰ সংযোগেৰে চৰকাৰে লুণ্ঠন চলাইছে সাধাৰণ জনতাৰ। আৰু এই অভিযোগৰ ভিত্তিতেই অসম বিধানসভাৰ শৰৎ কালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হ’ল সদন। বিৰোধীয়ে স্মাৰ্ট মিটাৰ প্ৰসংগত আনিছিল সভা স্থগিত কৰাৰ প্ৰস্তাৱ। কিন্তু সেই প্ৰস্তাৱক নৎসাৎ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এই উত্তাল প্ৰসংগৰ সমান্তৰালকৈ বিৰোধীয়ে বিৰোধিতা কৰা বিষয়ৰ ভিত্তি বিচাৰিলে শাসকীয় পক্ষৰ পীযুষ হাজৰিকাই। যি খেলি মেলিৰ কথা বিৰোধীয়ে উত্থাপন কৰিছে সেই খেলি মেলিৰ প্ৰমাণ দিয়াৰ দাবী কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰীৰ এই প্ৰশ্নৰ লগে লগেই উত্তাল হৈ পৰে সদনৰ মজিয়া। লগে লগেই প্ৰতিবাদমুখৰ হৈ পৰে কংগ্ৰেছ। অধ্যক্ষৰ আসনৰ সন্মুখত প্লেকাৰ্ড প্ৰদৰ্শন কৰিলে প্ৰতিবাদী বিধায়কসকলে।

কংগ্ৰেছৰ এই প্ৰতিবাদৰ সহযোগিতা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
বিষয়ৰ সমৰ্থন কৰিলে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও। প্ৰতিবাদ সাব্যস্ত কৰি সদনত্যাগ কংগ্ৰেছ আৰু অখিল গগৈ,মনোৰঞ্জন তালুকদাৰৰ।

সদনৰ ভিতৰভাগ প্ৰতিবাদেৰে উত্তাল কৰি ৰখা কংগ্ৰেছীয়ে কেৱল ভিতৰতে নহয় সদনৰ বাহিৰতো প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে হাতত স্মাৰ্ট মিটাৰ আৰু কেৰাচিনৰ লেম্প লৈ বিধানসভা চৌহদত দেখা পোৱা গৈছিল বিধায়ক অখিল গগৈক। এইদৰেই প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন, স্মাৰ্ট মিটাৰৰ নামত চৰকাৰে গণ জৰিমনাহে বিহিছে। চৰকাৰৰ এই কাৰ্যক একপ্ৰকাৰ নিন্দা কৰিলে অখিলে।

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিলৰ এই প্ৰতিবাদৰ পাছত মন্ত্ৰী পীযুষ হাজৰিকাই একপ্ৰকাৰ ছেলেঞ্জ কৰিলে অখিলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই মন্ত্ৰী পিযুষেও ক’লে, ঘৰত স্মাৰ্ট আৰু মেনুএল মিটাৰ ১ মাহৰ বাবে সংযোগ কৰক। স্পষ্ট হ’ব সকলো।

কেৱল বিৰোধীয়েই যে প্ৰতিবাদ কৰিলে এনে নহয়। বিধানসভা চলি থকাৰ সময়তে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতে বিধানসভাৰ প্ৰৱেশ দ্বাৰত দেখা পোৱা গ’ল কেইজনমান লোকক। স্মাৰ্টমিটাৰৰ বিৰোধিতাৰে নগাঁৱৰ ৪ জন ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ বিষয়টোক লৈ দুটা মেৰুত আছে শাসক বিৰোধী। ৰাইজেও ব্যক্ত কৰিছে অসন্তুষ্টি। লক্ষণীয় হ’ব চৰকাৰে গ্ৰহণ কৰিব আগলৈ কেনে স্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...