মুখ্যমন্ত্ৰীক অসমীয়াৰ পক্ষত থাকিবলৈ আহ্বান দল–সংগঠনৰ

শিৱসাগৰৰ পাছত তিনিচুকীয়া ছিপাঝাৰতো অকল্পনীয়, অনাকাংক্ষিত ঘটনা ঘটিল। বহিৰাগতৰ আক্ৰমণৰ বলি হ’ল খিলঞ্জীয়া অসমীয়া। এই ঘটনা প্ৰৱাহৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ মন্তব্য। মুখ্যমন্ত্ৰীৰ মতে, এনে ঘটনাক অসমীয়া-অনা অসমীয়ালৈ নিব নালাগে। মাৰোৱাৰী মানুহে অসমত ইণ্ডাষ্ট্ৰী নকৰিলে, কোনে কৰিব? মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তুলিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপুনি শুনিলে। বিষয়বস্তুৰ গভীৰতালৈ যোৱাৰ পূৰ্বে কিছু উভতি চাব লাগিব।
শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা-অসমীয়া বণিয়াই আক্ৰমণ কৰাৰ পাছত হাহাকাৰ লাগিছিল ৰাজ্যত। কাৰণ প্ৰতিবাদৰ জুই জ্বলিছিল শিৱসাগৰত। অৱশেষত মাৰোৱাৰী সমাজে আঁঠু লৈ ক্ষমা খুজিলে। তাৰ পাছত অসমীয়া-মাৰোৱাৰী সমাজ পুনৰ মিলাপ্ৰীতিৰে থাকিম বুলি সংকল্পবদ্ধ হ’ল। ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এয়া কোনো সম্প্ৰদায়ৰ প্ৰতিষ্ঠাৰ বিষয় নহয়। ছোৱালীৰ আত্মসন্মানৰ বিষয়। গতিকে এনে ঘটনাত শিৱসাগৰৰ দৰে মধ্য-নামনি অসমতো জঁপিয়াই পৰিব লাগে ৰাইজ। এই বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে-

আমি অনা-অসমীয়া লোকক টাৰ্গেট কৰিলে কি হ’ব?
তাতকৈ মিঞাক মাটি বেচা বন্ধ কৰিব লাগিব: মুখ্যমন্ত্ৰী


মুখ্যমন্ত্ৰীয়ে মনৰ কথাকে কৈছে। কিন্তু মাৰোৱাৰী মানুহে অসমত ইণ্ডাষ্ট্ৰী নকৰিলে অসমৰ দুৰৱস্থা হ’ব। সেই কথাটোহে সহজভাৱে ল’ব পৰা নাই কোনেও। নিৰ্বাচনৰ পূৰ্বে অসমত উদ্যোগীকৰণেৰে নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে। এতিয়া উদ্যোগীকৰণৰ বাবে মাৰোৱাৰীৰ ওপৰতে ভিত্তি অসম চৰকাৰৰ। ইয়াকে লৈ প্ৰতিক্ৰিয়া শিৱসাগৰত।

প্ৰতিবাদকাৰীয়ে ক’লে – এয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ
মুখ্যমন্ত্ৰীক অসমীয়াৰ পক্ষত থাকিবলৈ আহ্বান দল–সংগঠনৰ
মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰো অভিযোগ


মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক’লে – মাৰোৱাৰী মানুহে বিনিয়োগ নকৰিলে, বাহিৰা বিনিয়োগ নহ’লে অসমৰ উন্নয়ন সম্ভৱ নহয়। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক উভতি ধৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

’২৬ৰ বিধানসভা নিৰ্বাচনত খিলঞ্জীয়াৰ ভোট নালাগে বুলি কওক মুখ্যমন্ত্ৰীয়ে
কেৱল মাৰোৱাৰী, বিহাৰী, বাংলাদেশীৰ ভোট লাগে বুলি কওক


শৃংখলে উদাহৰণ দিলে যে মুখ্যমন্ত্ৰীয়ে ক’ব লাগিছিল থলুৱাই উদ্যোগ গঢ়াৰ কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে মাৰোৱাৰীয়ে ব্যৱসায় কৰা, উদ্যোগ গঢ়াৰ কথা। মুখ্যমন্ত্ৰীয়ে যি ক’লে সেই কথাই উজনিত হিন্দু-মুছলমানৰ প্ৰভেদ আনিব নোৱাৰে। স্পষ্ট মন্তব্য শৃংখল চলিহাৰ।

এইদৰেই এতিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈও প্ৰতিক্ৰিয়া। কাৰণ শিৱসাগৰত মাৰোৱাৰী সমাজে আঁঠু লোৱাৰ পাছত শিৱসাগৰহে ঠাণ্ডা হৈছে। কিন্তু তিনিচুকীয়া, নগাঁও, ছিপাঝাৰত পুনৰ ঘটিছে অনাকাংক্ষিত ঘটনা। প্ৰায় প্ৰতিটো স্থানতে অনা অসমীয়াৰ অতপালিৰ ঘটনা। বিষয় চিন্তনীয়।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...