প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগিতাত প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসমৰ সাহিত্য জগতৰ পিতামহ ড০ নগেন শইকীয়াই। তেওঁ বক্তব্যত কয় যে- এটি কণমানি শিশু তেতিয়াহে প্ৰকৃত মানুহ হ’ব যেতিয়া নিজস্ব ভাষা আৰু সংস্কৃতি আহৰণ কৰিব পাৰিব।

তেওঁ লগতে কয়, ভৱিষ্যত প্ৰজন্মৰ শান্তি আৰু প্ৰগতিৰ বাবে আমি শিশুসকলক নদ, নদী, পৰ্বত, পাহাৰ, জান- জুৰিৰ কাষলৈ নিব লাগিব। সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বড়া আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া| অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা অলি খনিকৰ দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...