গুৱাহাটীত চৰ্চাত দুটা নতুন শব্দ- প্ৰ’টেক জেহাদ

গুৱাহাটীত শুকুৰবাৰৰ পৰা চৰ্চালৈ আহিছে দুটা নতুন শব্দ। প্ৰটে’ক জেহাদ। বিগত কেইবাটাও বছৰত গুৱাহাটীৰ বিভিন্ন স্থানত চৰকাৰী নীতি-নিয়ম উলংঘা কৰি, পিতনি পুতি গঢ়ি উঠিছে প্ৰ’টেক বিল্ডিং। শুকুৰাবাৰে গুৱাহাটীৰ এক সংবাদমেলত আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ অভিযোগ- য’ত প্ৰটে’ক বিল্ডিং আছে, তাতেই পানী হৈছে। গুৱাহাটীৰ বানৰ বাবে দায়ী প্ৰ’টে’ক গ্ৰুপ। অসমৰ ৰাইজ সম্ভৱতঃ জ্ঞাত এই প্ৰ’টে’ক বিল্ডিং গ্ৰুপ কাৰ? গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘলৰ পৰিয়ালেই প্ৰ’টে’ক গ্ৰুপৰ মালিক। আছাম পাব্লিক ৱৰ্কছৰ অভিযোগ সিংঘলৰ প্ৰ’টে’ক গ্ৰুপক সুৰক্ষা দিবলৈয়ে USTMৰ ফ্লাড জেহাদৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। তাতকৈয়ো ভয়ানক কাম কৰি আছে প্ৰ’টেক গ্ৰুপে- সেয়াই প্ৰ’টে’ক জেহাদ।

শুকুৰবাৰে বিস্ফোৰণ ঘটাইছিল আছাম পাব্লিক ৱৰ্কছে। অকোৱা পকোৱাকৈ নহয়, পোনপটীয়াকৈ মন্ত্ৰী অশোক সিংঘলকে লক্ষ্য কৰি লৈছিল আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই।

প্ৰ’টে’ক জেহাদ আৰম্ভ কৰিছে সিংঘলৰ পৰিয়ালে
গুৱাহাটীৰ বানৰ বাবে দায়ী প্ৰ’টে’ক গ্ৰুপ
য’ত প্ৰটে’ক বিল্ডিং আছে, তাতেই পানী হৈছে

অভিজিৎ শৰ্মাৰ এই বিস্ফোৰক সংবাদমেলৰ পিছতে শনিবাৰে কাহিলীপাৰাৰ জনকপুৰত থকা প্ৰ’টে’ক বিল্ডিঙত আজৱ দৃশ্য। বিল্ডাৰে নিজেই ভাঙি পেলালে পদপথৰ ওপৰৰ অবৈধ নিৰ্মাণ। পদপথ দখল কৰি প্ৰ’টে’ক পেৰাডাইজ বিল্ডিঙৰ প্ৰৱেশ পথ নিৰ্মাণ কৰিছিল মন্ত্ৰী অশোক সিংঘলৰ পুত্ৰ-পৰিয়ালৰ মালিকানাধীন প্ৰ’টে’ক গ্ৰুপে। অভিজিৎ শৰ্মাৰ সংবাদমেলত বুকু কঁপি গ’ল মন্ত্ৰী পুত্ৰৰ। বিভাগে ব্যৱস্থা লোৱাৰ পূৰ্বে নিজেই ভাঙিলে অবৈধ নিৰ্মাণ।

এয়া কাহিলীপাৰাৰ জনকপুৰস্থিত প্ৰ’টেক পেৰাডাইজৰ সন্মুখৰ পথ। গুৱাহাটী উন্নয়ন দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘলৰ পুত্ৰ-পৰিয়ালৰ মালিকানাধীন প্ৰ’টে’ক গ্ৰুপে নিৰ্মাণ কৰা প্ৰ’টেক পেৰাডাইজৰ বাবেই জনকপুৰৰ ৰাইজৰ এই দুৰ্দশা। মন্ত্ৰীৰ ক্ষমতাৰ অপব্যৱহাৰেৰে অবৈধভাৱে পদপথ দখল কৰি নিৰ্মাণ কৰা হৈছিল প্ৰ’টে’ক পেৰাডাইজৰ প্ৰৱেশ পথ। এই প্ৰৱেশ পথৰ বাবেই এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় এই পথচোৱাত। ৰাইজৰ বহু অভিযোগেই লৰাব পৰা নাছিল মন্ত্ৰী পুত্ৰক।

শুকুৰবাৰে APWৰ সভাপতি অভিজিৎ শৰ্মাই সংবাদমেলত এই প্ৰ’টে’ক পেৰাডাইজৰ কথা সদৰি কৰাৰ পিছতে পুৱা প্ৰ’টে’ক গ্ৰুপৰ কৰ্মচাৰীয়ে নিজেই ভাঙি পেলালে জনকপুৰৰ প্ৰ’টে’ক পেৰাডাইজৰ অবৈধ প্ৰৱেশ পথ। কথা কেৱল এটা বিল্ডিঙতে সীমাবদ্ধ হৈ থকা নাই। কেইমাহমান পূৰ্বে কেৱল NKTV PLUSৰ অনুসন্ধানত পোহৰলৈ আহিছিল গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰ’টে’ক বিল্ডিঙৰ ভয়ংকৰ কাণ্ড। তৰুণ নগৰত ৰাজহুৱা পথ দখল কৰি নিৰ্মাণ কৰা হৈছিল প্ৰ’টে’ক বিল্ডিং। প্ৰ’টেক বিল্ডিঙৰ বাবে এটা পথেই নাইকীয়া হৈ গ’ল তৰুণ নগৰত।

গুৱাহাটী পৌৰ নিগমে জিলা প্ৰশাসনলৈ এখন পত্ৰ দিছিল। সেন্দুৰী আলী পথৰ পৰা তৰুণ নগৰলৈ ২ নম্বৰ বাইলেনটো ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিবলৈ কোৱা হৈছিল জিলা প্ৰশাসনক। কিন্তু আজিলৈ পথটো মুকলি নহ’ল। কাৰণ সেই পথৰ ঠাইতে বীৰদৰ্পে ঠিয় হৈ আছে মন্ত্ৰী অশোক সিংঘলৰ পুত্ৰ-পৰিয়ালৰ মালিকানাধীন প্ৰ’টে’ক গ্ৰুপে নিৰ্মাণ কৰা প্ৰ’টে’ক বিল্ডিং। এতিয়া মেকুৰীৰ ডিঙিত টিলিঙা কোনে আঁৰে? বহু মাহ পাৰ হৈ গ’ল, টিলিঙা কোনেও আঁৰিব নোৱাৰিলে।

গুৱাহাটীৰ বানক লৈ ৰগৰ আৰম্ভ কৰিলে মন্ত্ৰীয়ে। বানৰ আঁৰত ৰঙা পানী, ক’লা পানীৰ সূত্ৰ উলিয়ালে মন্ত্ৰীয়ে। এতিয়া তাক লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত। মূল বিষয়বোৰ তল পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...