শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ দিনটোত চৰকাৰী বন্ধ প্ৰত্যাহাৰ বাংলাদেশত

শ্বেখ মুজিবুৰ ৰহমানৰ মৃত্যুৰ দিনটোত চৰকাৰী বন্ধ প্ৰত্যাহাৰ বাংলাদেশত। দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছত গ্ৰহণ কৰা হৈছে প্ৰথমটো ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা বাংলাদেশত ১৫ আগষ্ট তাৰিখে পালন কৰা নহয় শোক দিৱস। পূৰ্বতে ১৫ আগষ্ট তাৰিখে দেশখনত পালন কৰা হৈছিল ৰাষ্ট্ৰীয় শোক দিৱস। ১৯৭৫চনৰ ১৫ আগষ্টৰ দিনটোতে হত্যা কৰা হৈছিল বংগবন্ধু হিচাপে খ্যাত শ্বেখ মুজিবুৰ ৰহমানক। তেতিয়াৰ পৰাই ৰহমানক সুঁৱৰিবলৈ বন্ধ ঘোষণা কৰা হৈছিল ১৫ আগষ্টৰ দিনটোত। কিন্তু এতিয়াৰে পৰা ১৫ আগষ্ট কোনো বিশেষ দিন নহ’ব বাংলাদেশৰ বাবে। ১৫ আগষ্টত সমগ্ৰ দেশখনত কটকটীয়া কৰি তোলা হ’ব নিৰাপত্তা ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...