বাংলাদেশৰ হিংসাৰ আঁৰত আমেৰিকাৰ হাত থকা বুলি দাবী হাছিনাৰ

শান্তিৰ নোবেল জয়ী মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শাসন আৰম্ভ হ’ল যদিও বাংলাদেশলৈ শান্তি ঘূৰি অহাৰ নাম লোৱা নাই। দেওবাৰে পুৱাই ঢাকাৰ ইছলামী বেংকৰ মুখ্য কাৰ্যালয়ত বেংক পৰিচালনাৰ অধিকাৰক লৈ দুই পক্ষৰ মাজত লাগে গুলিয়াগুলী। এই ঘটনাত ৬ জন লোক গুলীবিদ্ধ হ’ল।

২০১৭ চনৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰী আৰু বিক্ষোভকাৰী মাজত লাগে সংঘৰ্ষ। ইছলামী বেংকৰ মুখ্য কাৰ্যালয়ত হোৱা গুলিয়াগুলীক লৈ পুনৰ উত্তপ্ত হৈ পৰে ঢাকা। বিভোক্ষকাৰীৰ দাবী ২০১৭ৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীক বেংকত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই লৈ দুয়ো পক্ষৰ মাজত লাগে সংঘৰ্ষ। সৃষ্টি হ’ল ৰক্তাক্ত পৰিস্থিতি। কেৱল বেংকতে নহয় ২০১৭ চনৰ পিছত নিযুক্তি পোৱা সকলো কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ দাবী বিক্ষোভকাৰীৰ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ দিনাৰ পৰাই উঠিছে এই দাবী। মুঠতে বিক্ষোভকাৰীয়ে শ্বেখ হাছিনা চৰকাৰৰ কোনো চিন-মোকাম ৰাখিব খোজা নাই। পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে দেশৰ মুখ্য ন্যায়াধীশ, ঢাকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক।

বিক্ষোভৰ ফলত ইস্তফা দিছে চেণ্টেল বেংকৰ গভৰ্ণৰে। ইয়াৰ মাজতে নীৰবতা ভংগ কৰি বাংলাদেশৰ এই পৰিস্থিতিৰ বাবে আমেৰিকাক জগৰীয়া কৰিছে শ্বেখ হাছিনাই। বিতাড়িত প্ৰধানমন্ত্ৰীগৰাকীৰ স্পষ্ট অভিযোগ বাংলাদেশৰ অশান্তিৰ আঁৰত আছে আমৰিকাৰ হাত।

নতুন দিল্লীত বহি হাছিনাই বাংলাদেশৰ ছাত্ৰ আৰু আৱামী লীগৰ সদস্যলৈ বুলি এখন পত্ৰ লিখিছে। এই মুকলি চিঠি হাচছিনাই লিখিছে। কি আছে পত্ৰখনত?

মই পদত্যাগ কৰিছোঁ কেৱল মাত্ৰ তোমালোকৰ (ছাত্ৰ)ৰ মৃতদেহৰ মিছিল যাতে আৰু দেখা নাপাওঁ। মৃতদেহৰ ওপৰত তেওঁলোকে ক্ষমতা বিচাৰিছে। আমি বিচনা নাই। মই ক্ষমতাত থাকিব পাৰো যদি চেইণ্ট মাৰ্টিন দ্বীপ আৰু বংগোপসাগৰ আমেৰিকাৰ হাতত গতাই দিও। মই বিচাৰিম ঘৰে–ঘৰে যিদৰে মৃতদেহ আহিছে তাৰ যেন বিচাৰ হয়। মই দেশত থাকিলে হয়তো আৰু বহুতৰে প্ৰাণ যাব। আৰু বহু সম্পদ ধ্বংস হ’ব। তোমালোকৰ জয়ৰ বাবে মই দেশ এৰিছো। তোমালোক আছিলা মোৰ শক্তি। তোমালোকে মোক বিচৰা নাই, সেয়ে মই আঁতৰি আহিছোঁ, পদত্যাগ কৰিছোঁ।
আমাৰ কৰ্মীসকলে যাতে মনোবল নেহেৰুৱায়। আৱামী লীগ বাৰে বাৰে উঠি আহিছে। আৱামী লীগৰ সদস্যসকল, আপোনালোক আশাহত নহ’ব। মই শীঘ্ৰে আহিম। ইনছা আল্লাহ।
পৰাজয় মোৰ হৈছে। কিন্তু আমাৰ বাংলাদেশৰ মানুহৰ জয় হৈছে। মানুহৰ বাবে মোৰ দেউতা, মোৰ পৰিয়ালে জীৱন দিছে। খবৰ পাইছোঁ ইতিমধ্যে আমাৰ বহু নেতা–কৰ্মীক হত্যা কৰিছে, ঘৰ–দুৱাৰ ভাঙি জ্বলাই দিছে। আল্লাই নিশ্চয় আপোনালোকক সহায় কৰিব। মই পুনৰবাৰ সৰল মনৰ শিক্ষাৰ্থীসকলক ক’ব বিচাৰো– মই কেতিয়াও তোমালোকক ৰাজাকাৰ বুলি কোৱা নাই। মোৰ কথা সম্পূৰ্ণ বিকৃত কৰা হৈছে। সেই ভিডিঅ’ সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ কৰিলো। তোমলোকক বিপদগ্ৰস্ত কৰি এটা দলে সুবিধা লৈছে। সঠিক কথা তোমালোকে এদিন অনুধাৱন কৰিব পাৰিব বুলি মোৰ বিশ্বাস।
ভালে থাকক মোৰ দেশৰ মানুহ।
ভালে ৰাখক আমাৰ সোণাৰ বাংলা।
জয় বাংলা
জয় বংগ বন্ধু
শ্বেখ হাছিনা, নতুন দিল্লী, ভাৰত

এই চিঠিত শ্বেখ হাছিনাই উল্লেখ কৰিছে আমেৰিকাৰ কুঅভিসন্ধি কথা। BNPকো আক্ৰমণ কৰিছে ক্ষমতাৰ বাবে ছাত্ৰক ব্যৱহাৰ কৰা অভোযোগেৰো। এই ক্ষেত্ৰত নিশ্চয় নতুন চৰকাৰৰো প্ৰতিক্ৰিয়া থাকিব। কিন্তু এই মহূৰ্তত ডাঙৰ প্ৰশ্নটো হৈছে বাংলাদেশলৈ কেতিয়া আহিব শান্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...