শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাৰ আঁৰত আছে আমেৰিকা! অভিযোগ হাছিনাৰ

ক্ষমতাচ্যুত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাই। বৰ্তমান তেওঁ ভাৰতত আছে। ক্ষমতাচ্যুত কৰাৰ বাবে তেওঁ আমেৰিকাৰ দৰে বিদেশী শক্তিক দোষাৰোপ কৰে। শনিবাৰে (১০ আগষ্ট) দলৰ নেতাসকলক দিয়া বাৰ্তাত শ্বেখ হাছিনাই বিষয়টো স্পষ্ট কৰি দিয়ে।

কৰ্মীসকলক উদ্দেশ্যি প্ৰেৰণ কৰা বাৰ্তাত শ্বেখ হাছিনাই কয় যে, “মই চেণ্ট মাৰ্টিন আৰু বংগ উপসাগৰ আমেৰিকাক গতাই দিয়া হ’লে মই ক্ষমতাত থাকিব পাৰিলোহেঁতেন।”

ভাৰত চৰকাৰে বাংলাদেশৰ ৰাজনৈতিক সংকটত ‘বিদেশী শক্তি’ জড়িত থকাৰ তদন্ত চলাই আছে বুলি ঘোষণা কৰাৰ কিছুদিন পিছতে শ্বেখ হাছিনাই এই সন্দৰ্ভত কয়।

বছৰ বছৰ ধৰি শ্বেখ হাছিনাৰ চৰকাৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰ্ক-বিতৰ্ক চলি আছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে তেওঁ কয় যে “এজন বগা মানুহে” তেওঁক বিমান ঘাটিৰ বিনিময়ত ক্ষমতালৈ মসৃণভাৱে ঘূৰি অহাৰ প্ৰস্তাৱ দিছিল।

শেহতীয়া বাৰ্তাত বাংলাদেশৰ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন অন্তৱৰ্তীকালীন চৰকাৰক এনে বিদেশী শক্তিৰ দ্বাৰা “ব্যৱহাৰ” নহ’বলৈ সকীয়াই দিছে।

তেওঁ ক’লে, ‘মই পদত্যাগ কৰিলোঁ যাতে মৃতদেহৰ শোভাযাত্ৰা চাব নালাগে। মই তেনেকুৱা হ’বলৈ নিদিলোঁ। মই ক্ষমতা এৰি দিছোঁ।’

শ্বেখ হাছিনাই লগতে কয় যে, “মই যদি দেশত থাকিলোহেঁতেন তেন্তে আৰু অধিক লোকৰ প্ৰাণ গ’লহেঁতেন।” সম্পদৰ ক্ষতি আৰু বেছি হ’লহেঁতেন।

ভাৰতত থকা শ্বেখ হাছিনাই অহা সপ্তাহত সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে।

এই বাৰ্তাত শ্বেখ হাছিনাই পৰাজয় মানি লৈ দেশলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে।

তেওঁ ক’লে, ‘মই সোনকালে উভতি আহিম ইনছা’আল্লাহ। পৰাজয় মোৰ যদিও বাংলাদেশৰ জনসাধাৰণ জয়ী হৈছে।

শ্বেখ হাছিনাই ক’লে, ‘মই নিজকে আঁতৰাই দিছোঁ। জনতাৰ সহায় লৈ মই ক্ষমতালৈ আহিছিলোঁ, জনতা মোৰ শক্তি আছিল। যেতিয়া তেওঁলোকে মোক বিচৰা নাই, মইয়ে গুচি আহিলোঁ, পদত্যাগ কৰিলোঁ।

ভাষণ বিকৃত হোৱাৰো অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনাৰ বিৰুদ্ধে হোৱা সপ্তাহজোৰা প্ৰতিবাদত ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আমেৰিকা, ব্ৰিটেইন, কানাডা আদি দেশসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মৃত্যুৰ তদন্তৰ আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...