অসম ক্ৰিকেট সন্থাৰ খেলুৱৈৰ ডিজিটেল পঞ্জীয়ন পৰ্টেল মুকলি

অসম ক্ৰিকেট সন্থাই অঞ্চলটোৰ ক্ৰিকেট প্ৰশাসনলৈ সংস্কাৰ আনিব পৰাৰ পথত, এক অগ্ৰণী পদক্ষেপ হিচাপে প্লেয়াৰ্ছ ডিজিটেল ৰেজিষ্ট্ৰেচন পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছে। এই উদ্ভাৱনীমূলক মঞ্চই জিলা আৰু ক্লাবসমূহক অভূতপূৰ্ব সাৱলীল, ফলপ্ৰসূ আৰু নিখুতভাৱে অনলাইনত খেলুৱৈ পঞ্জীয়ন কৰিবলৈ সুবিধা প্ৰদান কৰিব।

পৰ্টেলটো মুকলি কৰাৰ পিছত দুদিনীয়া এক বিস্তৃত কৰ্মশালাও অনুষ্ঠিত হয় । আজি সামৰণি পৰা সেই কাৰ্যসূচীত ৭০ জন অংশগ্ৰহণকাৰীয়ে বিশেষজ্ঞৰ নিৰ্দেশনা আৰু হাতে কামে প্ৰশিক্ষণ লাভ কৰে, যাৰ ফলত নতুন ব্যৱস্থাটোলৈ নিৰৱচ্ছিন্ন পৰিৱৰ্তন নিশ্চিত হয়।

সামৰণি অনুষ্ঠানত এ চি এৰ কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছাকে ধৰি সন্মানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। প্ৰসংগক্ৰমে লাংথাছাই অসমৰ ক্ৰিকেটৰ উন্নতিৰ বাবে প্ৰযুক্তিক আঁকোৱালি লোৱাৰ প্ৰতি থকা সন্থাৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে আলোকপাত কৰে যে উদ্ভাৱন আৰু প্ৰগতিয়ে অসমত ক্ৰিকেট প্ৰশাসনৰ বাবে এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰি সমৃদ্ধি আৰু উৎকৃষ্টতাৰ নতুন যুগৰ প্ৰেৰণা যোগাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...