পেৰিছ অলিম্পিকে বাৰুকৈয়ে স্পৰ্শ কৰিছে বলীউডক

পেৰিছ অলিম্পিকে বাৰুকৈয়ে স্পৰ্শ কৰিছে বলীউডক। ‘তাল’ ছবিৰ গীতত মহিলা সাঁতোৰবিদৰ নৃত্য প্ৰদৰ্শন ৱৰ্ল্ড একুৱাটিকছ দোহা। ২০২৪ত বিশেষ মৰ্যাদা লাভ কৰিছে বলীউডৰ ‘তাল’ ছবিখনৰ এটা গীতে। এ.আৰ ৰেহমানৰ ‘তাল ছে তাল মিলা’ গীতটোৰ তালে-তালে সুন্দৰ নৃত্য প্ৰদৰ্শন আমেৰিকাৰ এটি সাঁতুৰবিদ দলৰ। ৮ জনীয়া যুৱতীৰ দলটোৱে ‘তাল-চে-তাল মিলা’ৰ সংগীতৰ তালে-তালে নৃত্য প্ৰদৰ্শন কৰিলে।

মুহূৰ্ততে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভিডিঅ’টোৱে। ১৯৯৯ চনৰ সুভাষ ঘাই পৰিচালিত ‘তাল’ ছবিখনৰ গীতটোত একাত্ম হৈ নাচি-নাচি সাঁতোৰ প্ৰদৰ্শন কৰিছে যুৱতীৰ দলটোৱে। নীলা বৰণৰ চুইমিং কষ্টিউম পিন্ধি এনেদৰে আকৰ্ষণীয়ভাৱে নৃত্য প্ৰদৰ্শন কৰিলে দলটোৱে। দলটোৰ নৃত্যত মুগ্ধ হ’ল উপস্থিত দৰ্শক। কেৱল দৰ্শকেই নহয়, সম্প্ৰতি সামাজিক মাধ্যমতো তোলপাৰ লগাইছে এই ভিডিঅ’ই।

কোনোৱে যদি পানীৰ তলত নৃত্য কৰিলে, কোনোৱে আকৌ পানীৰ ওপৰতে কৰিলে আকৰ্ষণীয় ষ্টাণ্ট। সুন্দৰী ৮ গৰাকী যুৱতীৰ এই ধুনীয়া কাৰুকাৰ্যই চুই গ’ল সকলোৰে হৃদয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় দলত ৰোহিত যুগৰ অৱসান?

ইংলেণ্ডৰ বিৰুদ্ধে ১৯ জুলাইত লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা...

কিশোৰ-কিশোৰীৰ বাবে ব্ৰিটেইন চৰকাৰৰ কঠোৰ পদক্ষেপ: মাজনিশাৰ পৰা পুৱালৈ ছ’চিয়েল মিডিয়াত থাকিব ‘কাৰফিউ’

ডিজিটেল আসক্তি আৰু মানসিক স্বাস্থ্যৰ ক্ষতিৰ পৰা কিশোৰ-কিশোৰীসকলক সুৰক্ষিত...

২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত সলনি ড’নাল্ড ট্ৰাম্পৰ: উপসাগৰীয় দেশসমূহৰ হেঁচাত বাতিল হ’ল হৰমুজ প্ৰণালীৰ ২০% শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ এক নাটকীয় সিদ্ধান্তৰ...

ফিফা বিশ্বকাপ ২০২৬: একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত আৰ্জেণ্টিনা; অনুৰাগীলৈ আৱেগিক বাৰ্তা লিয়নেল মেছিৰ

ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই পুনৰ এবাৰ ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...