ঢাকাত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান

বাংলাদেশৰ ঢাকাত নিশা অনুষ্ঠিত হৈছে ন’বেল জয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। শপতগ্ৰহণৰ পূৰ্বে বৃহস্পতিবাৰে দুপৰীয়া পেৰিছৰ পৰা ঢাকাত উপস্থিত হয় ন’বেল জয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছ। ঢাকা বিমানবন্দৰত উপস্থিত হৈয়েই এক সংবাদমেল সম্বোধন কৰি মহম্মদ ইউনুছৰ মন্তব্য- বাংলাদেশত শান্তি-শৃংখলা ঘূৰাই অনাটো এতিয়া আমাৰ মূল লক্ষ্য। সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ আঁৰত আছে ষড়যন্ত্ৰ। উল্লেখ্যযোগ্য যে বাংলাদেশৰ বিভিন্ন ভিতৰুৱা এলেকাসমূহত এতিয়াও উত্তেজনা অব্যাহত থাকিলেও ৰাজধানী চহৰ ঢাকাত ক্ৰমাৎ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ। ইয়াৰ মাজতে ঢাকাত উপস্থিত হোৱা মহম্মদ ইউনুছক বিমানবন্দৰত উষ্ম আদৰণি জনায় দেশখনৰ সেনা প্ৰধান ৱাকাৰ উজ জামানকে ধৰি ৩ সেনা মূৰব্বীসহ বাংলাদেশৰ বিভিন্ন প্ৰশাসনীয় বিষয়াসকলে। একে সময়তে বিমানবন্দৰত উপস্থিত হৈ ইউনুছক আদৰণি জনায় দেশখনৰ ছাত্ৰ আন্দোলনৰ নেতৃত্বয়ো। ইয়াৰ পিছতেই বিমানবন্দৰতেই এক সংবাদমেলৰ জৰিয়তে দেশবাসীক উদ্দেশ্যি কিছু বাৰ্তা দিয়ে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব লাভ কৰা মহম্মদ ইউনুছে। বাংলাদেশত এতিয়া শান্তি-শৃংখলা ঘূৰাই অনাটোৱে মূল লক্ষ্য। ছাত্ৰ আন্দোলনক হাঠিয়াৰ হিচাপে লৈ বাংলাদেশত শেহতীয়াকৈ সংখ্যালঘু হিন্দুসকলৰ ওপৰত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা আক্ৰমণকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মহম্মদ ইউনুছে। ষড়যন্ত্ৰমূলকভাৱে আক্ৰমণ চলোৱা হৈছে সংখ্যালঘুৰ ওপৰত।

বাংলাদেশত বসবাস কৰা হিন্দু সংখ্যালঘুসকলক উদ্দেশ্যি মহম্মদ ইউনুছৰ মন্তব্য। মোৰ ওপৰত আস্থা, বিশ্বাস ৰাখক, এতিয়াৰে পৰা কাৰো ওপৰত নহয় আক্ৰমণ। সকলোকে সুৰক্ষা দিয়াটোৱে হ’ব আমাৰ উদ্দেশ্য। আইন–শৃংখলা পৰিস্থিতি ঘূৰাই অনাৰ ক্ষেত্ৰত দেশৰ সকলো নাগৰিককে সহায়–সহযোগিতা কৰিবলৈকো আহ্বান জনায় অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে। ইয়াৰ পিছতে নিশা ঢাকাৰ বংগ ভৱনত অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনক শপতবাক্য পাঠ কৰায় বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে। অন্তৱৰ্তীকালীন চৰকাৰখনত প্ৰধান উপদেষ্টাৰ উপৰিও অন্তৰ্ভুক্ত হৈছে ১৬জনকৈ উপদেষ্টা। প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ উপৰিও অন্তৱৰ্তী চৰকাৰৰ আনসকল উপদেষ্টা হ’ল ক্ৰমে– ছালেহ উদ্দিন আহমেদ, ড০ আছিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছান আৰিফ, তৌহিদ হুছেইন, ছৈয়দা ৰিজৱানা হাছান, মহম্মদ নাহিদ ইছলাম, আসিফ মেহমুদ সজীৱ ভূঞা, ব্ৰিগেডিয়াৰ জেনেৰেল এম শ্বাখাৱাট হুছেইন, সুপ্ৰদীপ চাটমা, ফৰিদা আখটাৰ, বিধানৰঞ্জন ৰায়, খালিদ হাছান, নুৰ জাহান বেগম, ছাৰমিন মুৰছিদ আৰু ফাৰুক ই আজম। ইতিমধ্যে ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ সৈতে আলোচনামৰ্মে গঠন কৰা হৈছিল অন্তৱৰ্তীকালীন চৰকাৰখন। অন্তৱৰ্তীকালীন চৰকাৰত অন্তৰ্ভুক্ত হৈছে ছাত্ৰ-জনতাৰ আন্দোলনৰ নেতৃত্ব দিয়া প্ৰতিনিধিয়ো। লক্ষ্যণীয়ভাৱে অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত বাংলাদেশস্থিত বিভিন্ন বিদেশী ৰাষ্ট্ৰদূতসকলক আমন্ত্ৰণ জনোৱা হয় যদিও ভাৰতৰ ৰাষ্ট্ৰদূতক আমন্ত্ৰণ নজনালে শপতগ্ৰহণ অনুষ্ঠানলৈ। শপতগ্ৰহণৰ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতকো বিশেষ সতৰ্ক কৰি দিয়ে মহম্মদ ইউনুছে। বাংলাদেশ অশান্ত হৈ থাকিলে তাৰ প্ৰভাৱ পৰিব চুবুৰীয়া ৰাষ্ট্ৰটো। পশ্চিমবংগৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো পৰিব পাৰে বাংলাদেশৰ প্ৰভাৱ। বুধবাৰে এটা ব্যক্তিগত টিভি চেনেলত দিয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে মহম্মদ ইউনুছে। ইপিনে যোৱা ৫ আগষ্টত বাংলাদেশৰ সদ্য পদত্যাগী প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি পলায়নৰ পিছতে দেশখনৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু হিন্দু লোকসকলৰ ওপৰত আৰম্ভ হৈছে আক্ৰমণ। ইয়াকে লৈ দেশখনত অন্তৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণৰ সময়তো বিভিন্ন ভিতৰুৱা অঞ্চলত অব্যাহত আছে উত্তেজনা। একাংশ দুষ্কৃতিকাৰীয়ে হিন্দুৰ বিভিন্ন উপাসনাস্থলীসমূহতো চলাইছে আক্ৰমণ।

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...