দুলুং সংৰক্ষিত বনাঞ্চলত অব্যাহত অৰুণাচলীৰ আগ্ৰাসন

এতিয়া অসমৰ ভূমিত আগ্ৰাসী অৰুণাচলীয়ে চলাইছে দপদপনি। অসমৰ সংৰক্ষিত বনাঞ্চল অৰুণাচলীয়ে কাটি এফালৰ পৰা কৰিছে তহিলং। কিন্তু ৰহস্যজনকভাৱে নিৰ্বিকাৰ অসম চৰকাৰ-প্ৰশাসন। ৰহস্যজনকভাৱে অৰুণাচলীৰ অনৈতিক কৰ্মত নিমাত ভাৰতীয় বায়ুসেনা বাহিনী। উল্লেখযোগ্য যে ১৯৭৫ চনত দুলুং সংৰক্ষিত বনাঞ্চলৰ ৪,১৫০ একৰ ভূমি অসম চৰকাৰৰ পৰা লীজত লৈছিল বায়ু সেনাই। ৫০ বছৰৰ কাৰণে অসম চৰকাৰে লীজত দিয়া এই ভূমি বায়ু সেনাই বোমা নিক্ষেপৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰি আহিছে। কিন্তু বায়ুসেনাৰ লীজৰ ম্যাদ শেষ নহওতেই বায়ুসেনাৰ কৰ্তৃত্বত থকা ভূমি অৰুণাচলীয়ে কৰিছে বেদখল। সেই স্থানত প্ৰৱেশ নিষেধৰ ফলক লগাইয়ে দায়িত্ব সামৰিছে বায়ুসেনা বাহিনীয়ে। NKTVৰ সাংবাদিকে চলাইছিল বাযুসেনাক লীজত দিয়া দুলুং সংৰক্ষিত বনাঞ্চলৰ সেই হাজাৰ হাজাৰ একৰ ভূমিৰ চৰ জমিন অনুসন্ধান। কিন্তু আমাৰ অনুসন্ধানত পোহৰলৈ আহিল অসমৰ সেই বৃহৎ‍ ভূমি দখল কৰি অৰুণাচলীয়ে সাজিছে পকী অট্টালিকা। বিঘাই বিঘাই বনাঞ্চল ধ্বংস কৰি অসমৰ ভূমিত অৰুণাচলীয়ে পাতিছে চাহ বাগিচা। অতি পৰিতাপৰ কথা বায়ুসেনাক লীজত দিয়া অসমৰ ভূমিত আনকি অন্যান্য দোকান পোহাৰৰ লগতে খুলিছে সুৰাৰ বিপনী।

কিছুদিনৰ আগলৈকে দুলুং সংৰক্ষিত বনাঞ্চলৰ জিলি নদীলৈ অৰুণাচল আৰু অসমৰ সীমা নিৰ্ধাৰিত হৈ আছিল যদিও এতিয়া জিলি নদীৰ পৰা অসমৰ ফাললৈ কেইবা কিলোমিটাৰ আগুৱাই আহিছে একাংশ অৰুণাচলী৷ তেওঁলোকে ৰূপহী ৰাজগড়, খেৰবৰী, স্বৰ্গনলা আদি স্থানত খোপনি পুতি বেদখল অব্যাহত ৰাখিছে। কিন্তু অসমৰ ভূমিত চলা অৰুণাচলীৰ অবাধ বেদখলৰ পিছতো কোনো কানসাৰ নাই অৰুণাচল জিলা প্ৰশাসন, বন বিভাগৰ। এই আগ্ৰাসনক লৈ গুৰুত্ব নাই ভাৰতীয় বায়ুসেনা বাহিনীৰো। উল্লেখযোগ্য যে ১৯৬৮চনতে বিবদমান এলেকা হিচাপে ঘোষণা কৰা হৈছিল এই সীমান্তৰ এই ভূখণ্ড। কিন্তু তেতিয়াৰে পৰা অসম চৰকাৰৰ অৱহেলাৰ বাবেই ইয়াৰ অৰুণাচলীৰ দপদপনি চলাৰ অভিযোগ সীমান্তবাসী অসমীয়াৰ।

বিবদমান এলেকা ঘোষণাৰ সময়ত সেই স্থানত আছিল প্ৰায় ১১ঘৰ অৰুণাচলী লোক। কিন্তু বৰ্তমান সেই স্থানত হ’লগৈ প্ৰায় ১৪০০ঘৰ অৰুণাচলী। নতুনকৈ বেদখল হওতে অসমৰ চৰকাৰ প্ৰশাসনে কি কৰিলে বুলি প্ৰশ্ন ক্ষোভিত সীমান্তৰ ৰাইজৰ।

এতিয়া দুলুং সংৰক্ষিত বনাঞ্চলৰ সেই ভূমিলৈ যাবলৈ হ’লে অৰুণাচলীয়ে অসমৰ লোকসকক দিয়ে ভয় ভাবুকি। অসমৰ আৰক্ষী প্ৰশাসনৰ লজ্জাজনক ব্যৰ্থতাৰ বাবে অসমৰ বনাঞ্চলত প্ৰৱেশ কৰাতো বাধা আৰোপ কৰে অৰুণাচলীয়ে৷ এই প্ৰতিবেদন প্ৰস্তুতৰ ক্ষেত্ৰতো আমি লব লগা হৈছিল সাৱধানতা। অসমৰ ভূমিতে অসমৰ সাংবাদিকে ফটো তুলিবলৈ অথবা ভিদেঅ’ গ্ৰাফী কৰিবলৈ গ’লে খোজে প্ৰতি আক্ৰমণৰ ভয়। সেয়েহে গোপন কেমেৰাৰ জৰিয়তে আমি সংগ্ৰহ কৰিব লগীয়া হৈছে অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসনৰ দৃশ্য

সভাই সমিতিয়ে সীমাবিবাদ মিমাংসা কৰা বুলি ডিঙিৰ শিৰ ফুলাই দাবী কৰা ৰজাঘৰিয়াই এই দৃশ্যসমূহ দেখাৰ পিছত কি ক’ব। অযথা লম্ফজম্ফ এৰি ৰাজ্য চৰকাৰখনে জোৰপুৰি হাত পোৱাৰ পিছত অসমৰ ভৌগলিক অখণ্ডতা ৰক্ষাৰ বাবে ল’বনে প্ৰয়োজনীয় ব্যৱস্থা।

Popular

More like this
Related

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...