লাভলিনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত গামোছা অৰ্পন

চলিত পেৰিছ অলিম্পিকত আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভনি কৰিছে অসম কন্যা লাভলিনা বৰগোঁহায়ে৷ অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে দেশৰ শ্ৰেষ্ঠতম ক্ৰীড়া সন্মান খেলৰত্নৰে সন্মানিত হোৱা লাভলিনাই বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰেটেষ্ট শ্ব’ অ’ন দ্য আৰ্থৰ পডিয়ামত থিয় হোৱা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল৷

এইবাৰো লাভলিনাৰ পৰা অসমবাসীৰ লগতে সমগ্ৰ দেশ তথা প্ৰবাসী ভাৰতীয়ই পদকৰ আশা কৰিছে৷ পেৰিছ অলিম্পিকত লাভলিনাৰ অনিৰুদ্ধ যাত্ৰা আগুৱাই যোৱাৰ আশাৰে সমগ্ৰ অসমবাসীৰ হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্চা জনাই কিছুদিন পূৰ্বে এখন গামোছাত স্বাক্ষৰ কৰিছিল৷ আজি অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই সেই বিশেষ গামোছাখন লাভলিনাক অৰ্পন কৰে৷ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰাৰ পাছতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিংসহ কলিতাই লাভলিনাক মুখ্যমন্ত্ৰী ড॰ শৰ্মাই স্বাক্ষৰ কৰা গামোছাখন হাতত তুলি দিয়ে৷

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...