প্ৰেম, বিচ্ছেদ, হত্যা! পোহৰলৈ আহিল কৃষ্ণামণি ডেকাৰ হত্যাৰ কাৰণ

সমগ্ৰ অসম জোকাৰি গ’ল মঙলদৈৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডই। সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল কৃষ্ণামণি ডেকা নামৰ ১৯বছৰীয়া যুৱতীগৰাকী। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা অফ হৈ আছিল যুৱতীগৰাকীৰ মোবাইল। বহু সময়লৈ ঘৰলৈ উভতি অহা নাছিল যুৱতীগৰাকী। বহু বিচাৰ-খোঁচাৰ কৰাৰ পিছতো যুৱতীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল পৰিয়াল। কিন্তু মঙলবাৰে পুৱাৰ ভাগত মঙলদৈৰ আঠিয়াবাৰীত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে প্ৰেমজনিত কাৰণত কৃষ্ণামণিক হত্যাৰ সন্দেহ কৰিছিল মাতৃয়ে। প্ৰেমিক চিণ্টুমণি নাথে হত্যাৰ কৰাৰ সন্দেহ কৰিছিল কৃষ্ণামণিৰ মাতৃয়ে। কিন্তু পিছত প্ৰেমিক চিণ্টু নাথেও আত্মহত্যা কৰাত ঘটনাই লৈছিল নতুন মোৰ। শেহতীয়াকৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। প্ৰেম, বিচ্ছেদেই যেন কাল হ’ল কৃষ্ণামণিৰ।

প্ৰেম, বিচ্ছেদ আৰু শেষত ঘটিল ভয়ংকৰ ঘটনা। মঙলদৈৰ আঠিয়াবাৰীৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। দৰং আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ কাৰণ। প্ৰেমিক চিণ্টুমণি নাথেই হত্যা কৰিছিল কৃষ্ণামণি ডেকাক! প্ৰেম বিচ্ছেদৰ বাবেই এই হত্যাৰ সন্দেহ আৰক্ষীৰ। ইতিমধ্যে আত্মহত্যা কৰিছে প্ৰেমিক চিণ্টুমণি নাথে। আৰক্ষীয়ে আটক কৰিছে কৃষ্ণামণি ডেকাৰ আন এজন বন্ধুক। ফোন ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে চলাইছে তদন্ত। তদন্তত উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী।

ক’ত হত্যা কৰিছিল কৃষ্ণামণি ডেকাক? শেহতীয়া খবৰ অনুসৰি মঙলদৈ পকাবাঙীপাৰা গাঁৱৰ এটা পৰিত্যক্ত গৃহত হত্যা কৰা হৈছিল কৃষ্ণামণিক। পৰিত্যক্ত গৃহটো আছিল চিন্টুমণি নাথৰ বায়েক-ভিনিয়েকৰ। অৱশ্যে ভিনিহিয়েকৰ মৃত্যুৰ পিছত বায়েক থকা নাছিল সেইখন ঘৰত। কোনো নথকাৰ সুযোগ লৈয়ে চিন্টুৱে হত্যা কৰিছিল কৃষ্ণামণিক। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আৰক্ষীৰ তদন্ত। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ আঁৰত কোন আৰু ঘটনাৰ প্ৰকৃত কাৰণ কি।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...