উভতি নাহিল শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰ

শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। অৰুণাচলৰ কালিখোলা নামৰ স্থানৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। অপহৰণ হোৱা স্থানৰ সমীপতে পোৱা গ’ল মৃতদেহ। প্ৰায় ৮০০ মিটাৰ দুৰৈত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰৰ নিথৰ দেহটো। আজি পুৱা ৪ বজাত অৰুণাচল আৰক্ষীয়ে গাঁতৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। ছাত্ৰজনক অপহৰণ কৰা দিনাই অৰ্থাৎ ২২ জুলাই তাৰিখেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...