শোকাৱহ! ভূমিস্খলনত মৃত্যু প্ৰায় ৮৪জনকৈ লোকৰ

কেৰালাৰ ৱাইনাড়ত ভয়াৱহ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে প্ৰায় ৮৪জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। পাহাৰৰ পৰা নামি অহা মাটি আৰু পানীৰ ঢলে উটুৱাই নিয়ে ঘৰ-দুৱাৰ। ৱাইনাড়ৰ পাহাৰীয়া অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ চলাইছে উদ্ধাৰ অভিযান। বৰষুণৰ ফলত পাহাৰীয় অঞ্চলটোত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। বৰষুণৰ ফলত উদ্ধাৰ অভিযানত সৃষ্টি হৈ বাধাৰ। কেৰালাৰ মুখ্যমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। নিহতৰ পৰিয়াল আৰু আহতসকললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাইনাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে। উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...