শোকাৱহ! ভূমিস্খলনত মৃত্যু প্ৰায় ৮৪জনকৈ লোকৰ

কেৰালাৰ ৱাইনাড়ত ভয়াৱহ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে প্ৰায় ৮৪জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। পাহাৰৰ পৰা নামি অহা মাটি আৰু পানীৰ ঢলে উটুৱাই নিয়ে ঘৰ-দুৱাৰ। ৱাইনাড়ৰ পাহাৰীয়া অঞ্চলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ চলাইছে উদ্ধাৰ অভিযান। বৰষুণৰ ফলত পাহাৰীয় অঞ্চলটোত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। বৰষুণৰ ফলত উদ্ধাৰ অভিযানত সৃষ্টি হৈ বাধাৰ। কেৰালাৰ মুখ্যমন্ত্ৰীৰ পৰা পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। নিহতৰ পৰিয়াল আৰু আহতসকললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাইনাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে। উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...