জীৱনৰ মূল্য কিমান? ১০০টকাৰ বাবেই এজনক হত্যাৰ চেষ্টা!

এটা জীৱনৰ মূল্য কিমান? বৰ্তমানৰ সমাজত যেন ১০০টকাও নহয়! মাত্ৰ ১০০টকাৰ বাবেই মানুহৰ জীৱন ল’বলৈও ভয় নকৰে একাংশই। সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাই জোকাৰি গ’ল মাজুলীৰ কমলাবাৰী ফাৰ্ম তিনিআলি। ১০০‌ টকাৰ বাবেই এজন লোকক হত্যাৰ চেষ্টা। বুবু দাস নামৰ লোকজনক কোৰেৰে চবিয়াই হত্যাৰ চেষ্টা প্ৰমোদ বৰুৱা নামৰ এজনৰ। ঘটনাটোত গুৰুতৰভাৱে আহত বুবু দাসক মুমূৰ্ষু অৱস্থাত হাস্পতালত ভৰ্তি। অৱস্থা সংকটজনক হোৱাত বুবু দাসক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ পাছতে পলায়ন কৰা প্ৰমোদ বৰুৱাক আটক কৰে মাজুলী আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...