ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ গেমছত অসমৰ দেৱৰাজ দাসৰ ৰূপৰ পদক লাভ

অসমৰ দেৱৰাজ দাসে ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ প্ৰতিযোগিতাত ৰূপৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেৰা এথলেটিকছত অংশ লোৱা দেৱৰাজে ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাৰ শ্বটপুটত ৰূপ অৰ্জন কৰিবলৈ সক্ষম হয় বুলি অৱগত কৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে৷ দেৱৰাজে ৫.৮৩ মিটাৰ দলিয়াই দ্বিতীয় স্থানত থাকে৷ ৯.৭০মিটাৰ দলিয়াই সোণ লাভ কৰে ৰাজস্থানৰ লোকেছ গজৰাজে৷ আনহাতে, ব্ৰঞ্জৰ পদক দখল কৰে চণ্ডিগড়ৰ বলজিত সিঙে [৫.০৮ মিটাৰ]৷

উল্লেখ্য যে তিনিদিনীয়া প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে৷ দেশৰ অন্য ৰাজ্যৰ লগতে প্ৰতিযোগিতাত অসমৰো এটা সাতজনীয়া দলে অংশ লৈছিল৷ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা পেৰা এথলীটসকল হ’ল ঃ ছোৱালীৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত লিশা দাস আৰু মছুমা বেগম৷ ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত দেবৰাজ দাস, লালৰামছুক হমৰ আৰু অমৰজ্যোতি লাহন৷ তদুপৰি ল’ৰাৰ ১৯ বছৰ অনূধ্বৰ্ শাখাত গীতাৰ্থ শৰ্মা আৰু কৃষানু কৌস্তভ কাশ্যপ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...