ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ গেমছত অসমৰ দেৱৰাজ দাসৰ ৰূপৰ পদক লাভ

অসমৰ দেৱৰাজ দাসে ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ প্ৰতিযোগিতাত ৰূপৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বেংগালুৰুৰ কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ আৰু জুনিয়ৰ পেৰা এথলেটিকছত অংশ লোৱা দেৱৰাজে ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাৰ শ্বটপুটত ৰূপ অৰ্জন কৰিবলৈ সক্ষম হয় বুলি অৱগত কৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে৷ দেৱৰাজে ৫.৮৩ মিটাৰ দলিয়াই দ্বিতীয় স্থানত থাকে৷ ৯.৭০মিটাৰ দলিয়াই সোণ লাভ কৰে ৰাজস্থানৰ লোকেছ গজৰাজে৷ আনহাতে, ব্ৰঞ্জৰ পদক দখল কৰে চণ্ডিগড়ৰ বলজিত সিঙে [৫.০৮ মিটাৰ]৷

উল্লেখ্য যে তিনিদিনীয়া প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে৷ দেশৰ অন্য ৰাজ্যৰ লগতে প্ৰতিযোগিতাত অসমৰো এটা সাতজনীয়া দলে অংশ লৈছিল৷ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা পেৰা এথলীটসকল হ’ল ঃ ছোৱালীৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত লিশা দাস আৰু মছুমা বেগম৷ ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ শাখাত দেবৰাজ দাস, লালৰামছুক হমৰ আৰু অমৰজ্যোতি লাহন৷ তদুপৰি ল’ৰাৰ ১৯ বছৰ অনূধ্বৰ্ শাখাত গীতাৰ্থ শৰ্মা আৰু কৃষানু কৌস্তভ কাশ্যপ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...