জান্টি, তই যদি জীয়াই আছ ঘৰলৈ আহ…

জান্টি, তই যদি জীয়াই আছ ঘৰলৈ আহ। মোৰ তোক চাবলৈ বৰ মন গৈছে। এইদৰেই NKTV PLUSৰ কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি উঠিল সুনীল গগৈৰ মাতৃ। ১ জুনৰ পৰা এতিয়ালৈ আশাৰে বাট চাই আছে মাতৃয়ে। কেতিয়াবা কাৰোবাৰ কথা শুনি। কেতিয়াবা বাতৰিত চাই মনতে ভাবে
নাই, সুনীল গগৈ আৰু নাই।

কিন্তু তাৰ মাজতে সেইদিনা চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰে সুনীল গগৈৰ পত্নীক ক’লে আপুনি বগা সাজ নিপিন্ধিব। শিৰত সেন্দুৰ কিয় লোৱা নাই। সেই কথা শুনি পুনৰ আশাৰ সঞ্চাৰ হৈছে সুনীল গগৈৰ মাতৃৰ। হয়তো সুনীল গগৈ জীয়াই আছে। হয়তো কিবা মেৰপেচত সোমাই ইচ্চা স্বত্বেও ওলাই আহিব পৰা নাই সুনীল। সেয়ে আহ্বান মাতৃৰ। তই যদি জীয়াই আছ, ঘৰলৈ আহ।

চি আই ডি আৰু ফৰেণচিকৰ বিষয়াই এতিয়া অভিযান চলাইছে ঢকুৱাখনাত। পুনৰ CIDৰ জেৰাৰ সন্মুখীন সুনীল গগৈৰ পুত্ৰ-ভতিজাৰ লগতে আন দুই আত্মীয়। CIDৰ নিৰ্দেশ অনুসৰি শনিবাৰে পুৱা ঢকুৱাখনা থানাত হাজিৰ সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ, ভতিজা জয়ন্ত গগৈ আৰু সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ, সুনীলৰ শালপতি বিবিধ গগৈ। আটাইকে লৈ চি আই ডিৰ দলে চলাইছে অভিযান। ঘটনাই এমাহ ১৩ দিনত ভৰি দিলে। কিন্তু আজি পৰ্যন্ত জাহাংগীৰৰ ছিণ্ণ মুণ্ডৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষী-চি আই ডিয়ে। জীয়াই আছে বুলি দাবীহে কৰিছে। কিন্তু কোনো সূংশুত্ৰ নাই সুনীল গগৈৰো। ধৈৰ্য্য ধৰি আছে মাতৃয়ে। ধৈৰ্য ধৰিছে পত্নীয়েও। কিন্তু কেতিয়ালৈ…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...