কৃষকৰ খেতি নষ্ট হোৱাৰ ফলতে চাহিদা অনুপাতে নোহোৱা হৈছে বজাৰত যোগান

আহিছে বান। বাঢ়িছে দাম। বানৰ বাবেই হ্ৰাস পাইছে উৎ‍পাদন। বানৰ বাবেই পাচলিৰ জুই ছাই দাম। ৰাজ্যৰ চৌদিশে এতিয়া প্ৰলয়ংকৰী বানৰ সংহাৰ। বলিয়া বানে চৰম বিপৰ্যয় নমাই আনিছে ৰাজ্যৰ কৃষকলৈ। হাড়ক মাটি কৰি তেজক পানী কৰি কৰা বিঘাই বিঘাই খেতি এতিয়া বানত বুৰি নষ্ট হ’ল। ৰাজ্যৰ পাচলি উৎ‍পাদনৰ অন্যতম অঞ্চল খাৰুপেটয়া আৰু বেছিমাৰীৰ কৃষকে কৰিবলগীয়া হৈছে হাহাকাৰ। কৃষকৰ খেতি নষ্ট হোৱাৰ ফলতে চাহিদা অনুপাতে নোহোৱা হৈছে বজাৰত যোগান। পূৰ্বে ১০কুইণ্টল পাচলি উৎ‍পাদন কৰা কৃষকে এতিয়া লাভ কৰিছে মাত্ৰ ৫০ কিলো পাচলি। খাৰুপেটীয়া বেছিমাৰীৰ পাইকাৰী পাচলি বজাৰত পূৰ্বৰ তুলনাত নাই ১০ শতাংশও পাচলি। পৰিণতিত উৎ‍সতেই হৈছে পাচলিৰ জুই চাই দাম।

পাচলিৰ মূল্যবৃদ্ধিয়েও সমস্যাত পেলাইছে ৰাইজক। কোনবিধ পাচলিৰ কিমান দাম তাৰ তালিকা আগঢ়াইছোঁ। বৃহস্পতিবাৰে খাৰুপেটীয়া-বেছিমাৰীৰ পাইকাৰী পাচলি বজাৰত দাম হ’ল গৈ তিয়হ: ৩৫-৪০ টকা প্ৰতিকেজি। ভোল: ৩৫-৪০ টকা প্ৰতিকেজি। ভেন্দি: ৪০-৫০ টকা প্ৰতিকেজি। জিকা: ৫০ টকা প্ৰতিকেজি। কেৰেলা: ৭০ টকা প্ৰতিকেজি। মিঠা লাও : ৫০ টকা প্ৰতিকেজি। লেচেৰা: ৫৫-৬০ টকা প্ৰতিকেজি। জালি কোমোৰা: ৩০ টকা প্ৰতিটোত। বিলাহী : ৬৫ টকা প্ৰতিকেজি। বেঙেনা : ৬০ টকা প্ৰতিকেজি। পানী লাও : ৫০ প্ৰতিটো। কেঁচা জলকীয়া : ১১০ টকা প্ৰতিকেজি। জুই চাই দাম হ’লেও গুৱাহাটীৰ পৰা যোৱা ব্যৱসায়ীয়ে চাহিদা অনুসৰি কিনিবলৈ পোৱা নাই খাৰুপেটীয়া-বেছিমাৰীৰ পাইকাৰী বজাৰত পাচলি।

ইফালে খাৰুপেটীয়া-বেছিমাৰীত দাম বৃদ্ধিৰ সুজোগ লৈছে গুৱাহাটীকে আদি কৰি বিভিন্ন স্থানৰ একাংশ খুচুৰা ব্যৱসায়ীয়ে। মধ্যভোগী দালালৰ দপদপনি আৰু ৰাজ্যৰ কৃষি বিপনন পৰিষদৰ অকৰ্মন্যতাৰ সুযোগ লৈ বজাৰ ভেদে যিয়ে যেনেকৈ পাৰে বৃদ্ধি কৰিছে পাচলিৰ দাম। খাৰুপেটীৰ ৫০ টকীয়া পাচলি গুৱাহাটৰ বজাৰত হৈছেগৈ ১২০টকা। ফলত চাৰিওদিশৰে পৰা মৰণ মিলিছে সাধাৰণ জনতাৰ। সমান্তৰালকৈ দুখে কুলাই পাচিয়ে নধৰা হৈছে কৃষকৰো। কাৰণ বানে খেতি বিনষ্ট কৰাৰ পিছত যি সামান্য পাচলি বজাৰলৈ আনিছে সেয়া বিক্ৰী কৰি পোৱা ধনেৰে সাৰ–ঔষধ কিনিবলৈকে নাটে।

কিন্তু বানৰ সুযোগ লৈ কেবল মুনাফা লুটিছে মধ্যভোগী দালাল, অসাধু ব্যৱসায়ী আৰু একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াই। ৰাজ্যবাসীৰ এনে চৰম দুৰ্যোগৰ সময়তো এই সমূহ বিষয়লৈ গুৰুত্ব দিবনে ৰাজ্য চৰকাৰখনে? তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...