দ্বিতীয়বাৰলৈ ভাৰতৰ দখলত T20 বিশ্বকাপৰ খিতাপ

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি T20 বিশ্বকাপৰ চেম্পিয়ন ভাৰত। ২য়বাৰলৈ T20 বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত । যুঁজি যুঁজি জিকিল ৰোহিত শৰ্মা বাহিনী। শ্বাসৰুদ্ধকৰ খেলত বিজয়ৰ হাঁহি মাৰিলে টীম ইণ্ডিয়াই। ফাইনেলত উজলিল বিৰাট কোহলি। বিৰাট কোহলিৰ ৫৯ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ। শেষ মুহূৰ্তৰ খেলত ভাৰতীয় বলাৰৰ ধুমুহা গতিৰ প্রদৰ্শন। শেষ মুহূৰ্তত বাজি মাৰিলে ভাৰতীয় বলাৰে। হাৰ্দিক পাণ্ডিয়াৰ ৩টা উইকেট দখল। অৰ্শদীপ আৰু বুমৰাহে দখল কৰিলে দুটাকৈ উইকেট। ৭ ৰানত জয়ী টীম ইণ্ডিয়া। ৩১ বলত ৪৭ ৰান সংগ্রহ কৰে অক্ষৰ পেটেলে। শিৱম ডুবে ১৬ বলত সংগ্রহ কৰে ২৭ ৰান। সূৰ্যকুমাৰ যাদৱৰ দৰ্শনীয় ফিল্ডিঙে সলালে খেলৰ গতি। ৮ উইকেট হেৰুৱাই ১৬৯ ৰানতে থমকিল দক্ষিণ আফ্রিকা। খেলখনত প্লেয়াৰ অব দ্য মেচ বিৰাট কোহলি। প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট যশপ্ৰীত বুমৰাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...