ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে। এইবাৰৰ ঘটনা কাছাৰৰ। কাছাৰৰ কাটিগড়া জগদীশপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। জলাশয়ত মাছ ধৰিবলৈ যাওঁতেই বজ্ৰ পৰি নিহত হয় এজন লোক। মৃত লোকজনৰ নাম বাহাৰ উদ্দিন।

শুক্ৰবাৰে সন্ধিয়া ঘৰৰ কাষতে থকা জলাশয়ত মাছ ধৰিবলৈ গৈছিল বাহাৰ উদ্দিন। সেই সময়তেই সংঘটিত হয় এই শোকাৱহ ঘটনাতো। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...