সমগ্ৰ বিশ্বজুৰি পালিত হৈছে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’
অৰ্থাৎ ‘Yoga for Self and Society’

এই থিম লৈয়েই আজি ২১ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি পালিত হৈছে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ অংশগ্ৰহণেৰে তেজপুৰ নেহৰু ময়দানতো অনুষ্ঠিত হৈ যায় কেন্দ্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী৷ অসম চৰকাৰৰ পৰিৱহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগৰ পৰিকল্পনা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলেও সহযোগ কৰিলে মুখ্যমন্ত্ৰীক। একেলগে কৰিলে যোগাসন। যোগৰ ভিন্ন মুদ্ৰাৰে শৰীৰ সুস্থ ৰখাৰ কচৰৎ কৰিলে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকিল তেজপুৰৰ বিধায়ক – পৃথ্বীৰাজ ৰাভা, গনেশ লিম্বু, কৃষ্ণকমল তাঁতীৰ লগতে অসমৰ চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, সেনা বাহিনীৰ চতুৰ্থ কৰৰ GOC, বায়ুসেনা, SSB ৰ মুৰব্বী বিষয়াসহ জিলা আয়ুক্ত, প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া আৰু বায়ুসেনা, স্হলসেনা, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, SSB আদিৰ বিষয়া-জোৱানো। যোগাসনৰ অন্তত মুখ্যমন্ত্ৰীয়ে ক’লে- যোগে মানুহক সুস্থ কৰি ৰাখে। সন্তানক আসন, প্ৰাণায়মৰ সৈতে চিনাকী কৰাই দিবলৈ অভিভাৱকলৈ আহ্বান।

ইফালে তিনিচুকীয়াত যোগাসনত বহিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভিন্ন আসনেৰে যোগাভ্যাস সোণোৱালৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে চহৰৰ মানৱ কল্যাণ ভৱনত পালন কৰা যোগ দিৱসৰ কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানত লগতে অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ প্ৰমুখ্যে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই। অনুষ্ঠানত যোগ সাধনাক বিশ্বমুখী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ সাফল্যৰ কথা উনুকিয়ালে সোণোৱালে।BYTE
সমান্তৰালকৈ জিলাই জিলাই উপস্থিত হল ৰাজ্যৰ মন্ত্ৰী সকল। যোগাভ্যাসেৰে এক নিৰোগী শৰীৰৰ অধিকাৰী হবলৈ সৃষ্টি কৰিলে সজাগতা।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...