চালকৰ ভুল নে আন কিবা? পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাৰ আঁৰত কি?

দেশত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হয় শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় ৰে’লখনৰ দুটাকৈ দবা। দুৰ্ঘটনাত মালবাহী ৰে’লখনৰ চালক আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ গাৰ্ডজনৰ মৃত্যু হয়। ভয়ংকৰ দুৰ্ঘটনাত বৰ্তমানলৈ ১৬জন যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা বৃদ্ধি পাইছে ৭০ জনলৈ। বৰ্তমানেও ৰে’লখনত আবদ্ধ হৈ আছে বহু যাত্ৰী। নিউ জলপাইগুৰিৰ ১১ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই দুৰ্ঘটনা। ৰঙাপানী আৰু ছাটাৰহাট ষ্টেচনৰ মাজৰ নিজবাৰীত এই দুৰ্ঘটনা।

কাঞ্চনজংঘা এক্সপ্ৰেছত পিছফালৰ পৰা খুন্দা মালবাহী ৰে’লৰ। কাঞ্চনজংঘা এক্সপ্ৰেছখন ৰৈ আছিল ৰে’ল লাইনত। ঘটনাটোত মালবাহী ৰে’লখনৰো কেইবাটাও দবা লাইনচ্যুত হয়।পুৱা ৮.৩০ বজাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। আগৰতলাৰ পৰা শিয়ালদাহ অভিমুখী আছিল কাঞ্জনজংঘা এক্সপ্ৰেছ। ঘটনাৰ বুজ লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে উদ্ধাৰৰ বাবে। ৰে’লৱে-NDRF-SDRFএ অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। দুৰ্ঘটনাক লৈ ৰে’ল বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। শিয়ালদাহৰ বাবে 033-23508794 আৰু 033-23833326 নম্বৰ মুকলি। অসমৰ বাবে মুকলি 0361-2731621, 0361–2731622 নম্বৰ। অসমৰ বাবে তৃতীয়টো নম্বৰ– 0361–2731623। খবৰ অনুসৰি অসমৰ বহু যাত্ৰী আছিল কাঞ্চনজংঘা এক্সপ্ৰেছত। যাত্ৰীবাহী ৰে’লখনত আছিল কোকৰাঝাৰৰ তিনিজন যাত্ৰী। আহত যাত্ৰীকেইজন বিপিন চন্দ্ৰ ৰায় ,দীপক কুমাৰ ৰাভা আৰু অমৃত সিং। বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই তিনিওগৰাকী যাত্ৰীৰ শেহতীয়া অৱস্থা। ৰে’লখনত আছিল লংকা, হোজাই, লামডিঙৰো বহু যাত্ৰী। লামডিঙৰ ৪৫, লংকাৰ ২৪ গৰাকী যাত্ৰী আছিল ৰে’লখনত। হোজাইৰ পৰা গৈছিল ২৬ গৰাকীকৈ যাত্ৰী। ঘটনাত দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও। নিহতসকলৰ আত্মীয়লৈ ২ লাখ টকাকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা।

কিদৰে কাঞ্চনজংঘা এক্সপ্ৰেছ ৰৈ থকা অৱস্থাতে একেটা লাইনত মালবাহী ৰে’লখন আহিল? দুৰ্ঘটনাৰ পিছতেই উত্থাপন হৈছে বহু প্ৰশ্ন। প্ৰত্যক্ষদৰ্শীৰ মতে মালবাহী ৰে’লখনে মনা নাছিল সংকেত। আনফালে ৰে’ল বিভাগৰ দাবী, সংকেট নামানি আগবাঢ়ি গৈছিল মালাবাহী ৰে’লখন।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...