দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় দুটা দবা। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় ৫জন যাত্ৰী। আহত বহু যাত্ৰী, উদ্ধাৰ অভিযান অব্যাহত। নিউ জলপাইগুৰিৰ ফান্সিদেৱা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। মালবাহী ট্ৰেইনখনৰো কেইবাটাও দবা লাইনচ্যুত হয় দুৰ্ঘটনাত। আগৰতলাৰ পৰা শিয়ালদাহ অভিমুখী আছিল কাঞ্জনজংঘা এক্সপ্ৰেছ। ঘটনাৰ বুজ লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে উদ্ধাৰৰ বাবে। ৰে’লৱে-NDRF-SDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাক লৈ ৰে’লৱেৰ হেল্পলাইন নম্বৰ মুকলি। শিয়ালদাহৰ বাবে 033-23508794 আৰু 033-23833326 নম্বৰ মুকলি। গুৱাহাটীৰ বাবে মুকলি 0361-2731621, 0361–2731622 নম্বৰ। গুৱাহাটীৰ বাবে তৃতীয়টো নম্বৰ– 0361–2731623।

শেহতীয়া খবৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত আছিল অসমৰো বহু যাত্ৰী। ৰে’লখনত আছিল লংকা, হোজাই, লামডিঙৰ বহু যাত্ৰী। লামডিঙৰ ৪৫, লংকাৰ ২৪জন যাত্ৰী আছিল ৰে’লখনত। হোজাইৰ পৰাও গৈছিল ২৬ জনকৈ যাত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...