এক গাৰ নোম শিয়ৰি উঠা ঘটনা

এক গাৰ নোম শিয়ৰি উঠা ঘটনা
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি
প্ৰথমে স্বামীক দাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংস হত্যা
পাছত ঘৰৰ চৌহদতে চিপ লৈ আত্মহত্যা মহিলাৰ

পুৱাই পোহৰলৈ অহা এই লোমহৰ্ষক ঘটনাক লৈ চৰাইদেউৰ উদয়পুৰত সৃষ্টি হয় চাঞ্চল্যৰ। পুৱা চাহ বাগিচাৰ পাত চিঙিবলৈ অহা একাংশ লোকে ঘৰৰ চৌহদৰে এজোপা লিচুগছত চিপ লোৱা অৱস্থাত প্ৰতক্ষ্য কৰে দুৰ্গেশ্বৰী ঘাটোৱাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ। মুহূৰ্ততে হুৱাদুৱা লাগে অঞ্চলটোত। ৰাইজে পৰিয়ালটোৰ আন লোকৰ সন্ধান কৰোতে পোহৰলৈ আহিল সকলোকে হতবাক কৰা এক ভয়ংকৰ দৃশ্য। ঘৰৰ ভিতৰত শোৱাপাটিতে উদ্ধাৰ হ’ল আত্মহত্যা কৰা দুৰ্গেশ্বৰীৰ স্বামী ঝৰীয়া সিং ঘাটোৱাৰৰ ৰক্তাক্ত মৃতদেহ। ঘটনাৰ সময়ত ঘৰত নাছিল পৰিয়ালটোৰ আন কোনো সদস্য।

ৰাইজৰ খবৰৰ ভিত্তিত মথুৰাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। কিন্তু প্ৰশ্ন হয়, কিয় বৃদ্ধ স্বামীক হত্যা কৰি আত্মহত্যা কৰিলে দুৰ্গেশ্বৰী ঘাটোৱাৰে? মৃত দম্পতিৰ পুত্ৰই জনোৱা মতে প্ৰায়ে দুয়োৰে মাজত হৈছিল কাজিয়া। পাৰিবাৰিক অশান্তিৰ ফলতে কিছুদিনৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল মাতৃয়ে। যাৰ পৰিণতিতে মহিলাগৰাকীয়ে সংঘটিত কৰিলে এই নৃশংস কাণ্ড।

ইতিমধ্যে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই শিহৰণকাৰী ঘটনাৰ আঁৰত আছে নেকি আন কোনো ৰহস্য, সেই সন্দৰ্ভটো আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...