পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা

পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা। মাতৃক ফোনত স্বামীৰ পৰকীয়া প্ৰেমৰ বিৰুদ্ধে অভিযোগ দি থাকোঁতেই পত্নীক ডিঙি চেপি হত্যা কৰিলে এজন ব্যৱসায়ীয়ে। কালাপাহাৰৰ এটা এপাৰ্টমেন্টটোত লগে লগে উপস্থিত হলগৈ আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী স্বামী সঞ্জয় কানুক। জেৰাত স্বামীয়ে স্বীকাৰ কৰিছে পত্নীক হত্যা কৰাৰ কথা। লগতে উত্থাপন কৰিছে পত্নীৰো পৰকীয়া প্ৰেমৰ অভিযোগ। এই ঘটনাক লৈ গুৱাহাটীত তীব্ৰ চাঞ্চল্য।

ফোনতেই আছিল শাহু, পত্নীক ডিঙি চেপি হত্যা কৰিলে ব্যৱসায়ীয়ে
স্বামীয়ে হত্যা কৰা সৰিতাৰ শেষ চিঞৰ সেয়া…

পুনৰ শিহৰণকাৰী ঘটনা ঘটিল গুৱাহাটীত। কালাপাহাৰৰ পাহাৰতলীৰ ওৱেছিছ এপার্টমেন্টত সংঘটিত হল এটা লোমহৰ্ষক ঘটনা। এই এপাৰ্টমেন্টটোতেই গাড়ীৰ পাৰ্টছৰ ব্যৱসায়ী সঞ্জয় কানুৰ আছিল দুটাকৈ ফ্লেট। প্ৰথম মহলাৰ A1 ফ্লেটটো আছিল পত্নী সৰিতা কানুৰ নামত আৰু A4 ফ্লেটটো আছিল সঞ্জয়ৰ নিজৰ নামত। এপাৰ্টমেন্টটোৰ ছচায়টিৰ সভাপতিৰ দায়িত্বতো আছিল সঞ্জয়। কিছুবছৰ পূৰ্বলৈ সঞ্জয়ৰ প্ৰতিবেশী হিচাপে বাস কৰা এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাকে লৈ প্ৰায়ে সৰিতা আৰু স্বামীৰ মাজত হৈছিল সংঘাত। অবৈধ সম্পৰ্ক থকা মহিলাগৰাকীৰ স্বামীয়ে বিভিন্ন সময়ত সঞ্জয় কানুক ব্লেকমেইলো কৰিছিল। এনে কথাবোৰক লৈ প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল সৰিতা।
মঙলবাৰে মাতৃক এই বিষয়ে জনাইছিল সৰিতাই
সেই সময়তে সৰিতাক ডিঙিত চেপা মাৰি ধৰিছিল স্বামীয়ে
মৃত্যু হৈছিল সৰিতাৰ…

ভয়ানক কিবা এটা ঘটাৰ উমান পাই বাৰেবাৰে সৰিতালৈ ফোন কৰিছিল মাতৃয়ে। ঘাতক স্বামীয়ে শাহুৱেকৰ ফোন ৰিচিভ কৰি কৈছিল – মই সৰিতাক মাৰি পেলালোঁ
কেৱল সিমানেই নহয় পত্নী সৰিতাক হত্যা কৰাৰ পাছত নিজেই ফোন কৰি আৰক্ষীক খবৰ দিছিল সঞ্জয় কানুৱে। তাৰ পাছতেই ফটাশিল আৰক্ষীয়ে এপাৰ্টমেন্টটোৰ পৰা গ্ৰেপ্তাৰ কৰিলে সঞ্জয় কানুক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কালাপাহাৰত। সৰিতাৰ পৰিয়ালৰ অভিযোগ এগৰাকী নহয়। আন কেইবাগৰাকীও মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ আছিল সঞ্জয়ৰ। চাৰিবছৰ পূৰ্বেই আৰম্ভ হৈছিল সৰিতা-সঞ্জয়ৰ সংঘাত। যোৱা ছয়মাহমানৰ পৰা সংঘাতে চৰম পৰ্যায় পাইছিলগৈ। একাধিকবাৰ অন্য মহিলাৰে সঞ্জয়ক ধৰাও পেলাইছিল পত্নীয়ে।

আৰক্ষীয়ে সঞ্জয়ক জেৰা অব্যাহত ৰাখিছে। জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে স্বামীয়ে। ছচায়টিত প্ৰভাৱ আছিল সঞ্জয়ৰ। সেইবাবে পূৰ্বৰ ঘটনাৰ বিষয়ে জানিও কোনো পদক্ষেপ লোৱা নাছিল এপাৰ্টমেন্টৰ আৱাসীসকলে। আৰক্ষী-ফৰেণছিকে হত্যাকাণ্ড সংঘটিত ফ্লেটটোৰ পৰা সংগ্ৰহ কৰিছে তথ্য। জেৰা চলিছে সঞ্জয়ৰ। জেৰাত সঞ্জয়ে কৈছে পত্নীৰো পৰকীয়া প্ৰেম থকাৰ কথা। এই ঘটনাক লৈ চাঞ্চল্য গুৱাহাটীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...