৭২ঘণ্টাৰ পিছতো আৰক্ষীৰ হাত লগা নাই কোনো তথ্য

সুনীল গগৈৰ ছিন্নমুণ্ড বিচাৰি হায়ৰাণ আৰক্ষী
ছিন্নমুণ্ড বিচাৰি পানী ঘোলা কৰিছে SIT-CIDএ
৭২ঘণ্টাৰ পিছতো আৰক্ষীৰ হাত লগা নাই কোনো তথ্য

হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰষ্কাৰ ঘোষণা উপায়ন্তৰ আৰক্ষীৰ।
শনিবাৰেই নৃশংস হত্যাকাৰীয়ে অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল ঢকুৱাখনাৰ বিজেপি নেতা তথা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক। ঘৰৰ পৰা ৩০০ মিটাৰ নিলগৰ এখন চোমনিত উদ্ধাৰ হৈছিল সুনীল গগৈৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ। ৰাজ্য জোকাৰি যোৱা এই নৃশংস হত্যাকাণ্ডৰ চি আই ডিৰ আই জিপি সংযুক্তা পৰাশৰৰ নেতৃত্ব চলিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ বুজ লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰিলে SIT গঠনৰ। কিন্তু হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী। অতি পৰিকল্পিতভাৱে সুনীলক হত্যাকৰি হত্যাকাৰীয়ে লৈ যোৱা ছিন্নমুণ্ডৰো নাই কোনো সন্ধান। হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা ৫০ মিটাৰ নিলগৰ এটা পুখুৰী সিঁচি SDRFৰ সহায়ত চলোৱা হ’ল সুনীলৰ ছিন্নমুণ্ডৰ সন্ধান। কিন্তু তাতো আৰক্ষীয়ে নাপালে কোনো সন্ধান।

এই নৃশংস হত্যাৰ আঁৰত জলজীৱন মিছনৰ ব্যাপক কেলেংকাৰীৰ যোগসূত্ৰ থকাৰ অভিযোগ উঠিছিল। জনস্থাস্থ্য কাৰিকৰী বিভাগৰ ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আৰক্ষীক ধৰাই দিয়াৰ বাবেই বিভাগীয় বিষয়া ঠিকাদাৰৰ এটা চক্ৰই সুলীক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছিল পৰিয়ালৰ পৰা মন্ত্ৰী ৰনোজ পেগুলৈ সকলোৱে। যদিও কেইজনমান লোকক সোধাপোছা কৰাৰ বাহিৰে ঘটনাৰ আন কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। মঙ্গলবাৰে ঘটনাস্থলীত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ ফৰেনচিক উপদেষ্টা কেশৱ কুমাৰে সংগ্ৰহ কৰে ঘটনাস্থালীৰ পৰা কিছু নমুনা। কিন্তু কাৰ্যতঃ এতিয়াও ব্যৰ্থ আৰক্ষী। অসহায় লখিমপুৰৰ আৰক্ষী অধীক্ষকে ঘোষণা কৰিলে নগদ ধনৰ পুৰষ্কাৰ। হত্যাকাৰীৰ সন্ধান দিওতাক লখিমপুৰ আৰক্ষীয়ে দিব এই পুৰষ্কাৰ। আৰক্ষীয়ে গোপনে ৰাখিব সন্ধান দিওতাৰ তথ্য। 6026900825 ফোন নম্বৰত আৰক্ষীক যোগাযোগৰ আহ্বান। কিন্তু প্ৰশ্ন হয় এইদৰে আৰক্ষীয়ে লাভ কৰিবনে সফলতা। ৰাজ্য কঁপাই যোৱা এই নৃশংস ঘটনাৰ ৰহস্যভেদ হ’বনে?

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...