লোকচানৰ আশংকাত ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ চাহ উদ্যোগ

অসহ্যকৰ গৰমে দহিছে। সমগ্ৰ ৰাজ্যতে যেন জুইহে বৰষিছে। পথে পথে ঘৰ্মাক্ত পথিকৰ অহা যোৱা। শীতল পানীয়ৰে জুৰাইছে পিয়াহ। বৰ্ধিত পাৰাস্তম্ভই ব্যাঘাত জন্মাইছে সৰ্বত্ৰ। তাৰ মাজতে যোগীঘোপাৰ পৰা আহিছে উদ্বেগজনক খবৰ।

গভীৰ সংকটত যোগীঘোপাৰ ক্ষুদ্ৰ চাহ খেতিয়ক
দীৰ্ঘদিনে অনাবৃষ্টি, অসহ্যকৰ গৰম, গ্ৰীষ্ম প্ৰৱাহ
লোকচানৰ আশংকাত ৰাজ্যৰ অৰ্থনীতিৰ ৰাজহাড়স্বৰূপ চাহ উদ্যোগ

যোগীঘোপাৰ চাহ বাগিছাত এতিয়া এফালৰ পৰা গছতে গেলিবলৈ-শুকাবলৈ ধৰিছে চাহ পাত। তীব্ৰ খৰাঙত শুকাই মৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ বহু বাগিচা। যোগীঘোপা অঞ্চলৰ চাহ বাগিচাসমূহ খৰাং বতৰৰ কবলত পৰি ক্ষুদ্ৰ চাহ খেতিয়কে আজি দিক বিদিক হেৰুৱাইছে। এইবাৰ বৰষুণৰ পৰিমাণ কম হোৱা বাবেই চাহৰ উৎপাদন ৰাজ্যত ৫০ শতাংশ কম হোৱাৰ পূৰ্বানুমাণ কৰিছে বিশেষজ্ঞসকলে। কেৱল যোগীঘোপাই নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো একেই শংকা।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে জড়িত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনলৈও নামি আহিছে গভীৰ সংকট। কৃত্ৰিম পানী যোগানৰ বাবে কোনো ব্যৱস্থা নথকাত কেৱল বৰষুণৰ বাবে বাট চাব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছা সমুহ মৃত্যু মুখৰ পৰা বচাবলৈ আহ্বান জনাইছে চৰকাৰক।

উদ্বেগ কিন্তু হ্ৰাস পোৱা নাই। ৰাজ্যত ৫০ শতাংশ উত্পাদন হ্ৰাসৰ পূৰ্বানুমাণ বিশেষজ্ঞসকলৰ। স্বাভাৱিকতকৈ ৩৩ শতাংশ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। হ’ব লাগিছিল ২৬৩.৩ মিঃমিঃ বৰষুণ, হৈছে ১৭৭.৭ মিঃমিঃহে। কেৱল অসমতেই নহয়, আন আন ৰাজ্যতো কমিছে বৰষুণ।

মেঘালয়ত ৬৯%, মিজোৰামত ৬৩%, মণিপুৰত ৪৫% বৰষুণ হ্ৰাস
ত্ৰিপুৰাত ৪৩%, অৰুণাচলত ২৬% কমকৈ হৈছে বৰষু

গতিকে এই অভূতপূৰ্ব অনাবৃষ্টিৰ পৰা পৰিত্ৰাণ পাবলৈ বৈজ্ঞানিকভাৱে কিছু চিন্তা চৰ্চা কৰাৰ সময় সমাগত। অন্যথা ভাৰতৰ আন প্ৰান্তৰ ওপৰিও উত্তৰ পূৱতো মানৱ সভ্যতা সন্মুখীন হব ভয়াৱহ সন্নিকত বিপদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...