দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আজৱ ঘটনা

মৰিগাঁৱৰ দলংঘাটত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ঘটিল এটা আজৱ ঘটনা। বাথৰুমত পিছলি পৰি আঘাত পোৱা এটি শিশুৰ মূৰত পৰিছিল তিনিটা চিলাই। সেই চিলাইৰ ড্ৰেছিং কৰিবলৈ যাওঁতেই ঘটিল অঘটন। ভুলতে নাৰ্ছে শিশুটিৰ মূৰত ঢালি দিলে এচিড। জ্বলন সহ্য কৰিব নোৱাৰি চিঞৰ-বাখৰ লগালে শিশুটিয়ে। চিকিৎসালয়খনত সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়খনৰ ডাক্তৰ-নাৰ্ছে শিশুটিৰ অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। ঘটনাক লৈ দলংঘাটত তীব্ৰ উত্তেজনা।

দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আজৱ ঘটনা
অনভিজ্ঞ নাৰ্ছে আঘাতপ্ৰাপ্ত শিশুৰ মূৰত ঢালি দিলে এচিড
শিশুৰ চিঞৰ, আদৰ্শ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

জাজৰি থানাৰ অন্তৰ্গত ইছলামপট্টিৰ পিংকু ৰহমান নামৰ এই লোকজনৰ ১০ বছৰীয়া পুত্ৰ যোৱা ১৮ মেত বাথৰুমতেই পিছলি পৰিছিল। মূৰত বেয়াকৈ আঘাত পোৱা শিশুটিৰ মূৰত পৰিছিল ১০টা চিলাই। সেই ঘটনাই বুকু কপাই গৈছিল এইহাল দম্পতিৰ। তাৰ দুদিনৰ পাছত আঘাত পোৱা স্থানৰ ড্ৰেছিং কৰোৱাবৰ বাবে পুনৰ মৰিগাঁৱৰ দলংঘাটত থকা এইখন আদৰ্শ চিকিৎসালয়লৈ শিশুটিক লৈ গৈছিল পিতৃ-মাতৃয়ে।
ড্ৰেছিং কৰিবলৈ নাৰ্ছে শিশুটিৰ আঘাত পোৱা স্থানত ঢালি দিছিল বিশেষ জুলীয়া দ্ৰব্য
লগে-লগে চিঞৰ মাৰি উঠিছিল শিশুটিয়ে

ক’লা হৈ ফুলি গৈছিল সেই অংশ। যতেই সেই জুলীয়া পদাৰ্থ বিয়পি পৰিছিল সেই স্থানেই জ্বলি যোৱাৰ দৰে হৈছিল। শিশুটিয়ে ছটফটাই আছিল। তেতিয়াই দৌৰাদৌৰি লাগিল চিকিৎসালয়ৰ ভিতৰত। ভিতৰৰ পৰা অহা চিকিৎসক আৰু নাৰ্ছে সেই দ্ৰব্যৰ বটল লুকুৱাত ব্যস্ত হৈ পৰিছিল। ছটফটাই আছিল শিশুটিয়ে।
সেই বটলত আছিল এচিড
শিশুটিৰ মূৰত ভুলতে নাৰ্ছে ঢালি দিছিল এচিড

এই ঘটনা পোহৰলৈ অহাৰ পাছতে হুলস্থুল লাগিল চিকিৎসালয়ত। নাৰ্ছ আৰু চিকিৎসকে শিশুটিৰ পিতৃ-মাতৃকহে অভব্য আচৰণ কৰাৰ, ভাবুকি দিয়াৰ অভিযোগ।

চিঞৰ-বাখৰ নকৰিবি – এই ঘটনাক লৈ হুলস্থুল দলংঘাটত। শিশুটিৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। অনভিজ্ঞ চিকিৎসক-নাৰ্ছক অব্যাহতি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।

দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এনে আজৱ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও এই চিকিৎসালয়ৰ বিৰুদ্ধে উত্থাপিত হৈছিল অনেক অভিযোগ। অধিকাংশ সময়ে দলংঘাটৰ আদৰ্শ চিকিৎসালয়ত ওলমি থাকে প্ৰকাণ্ড তলা। খোলা থাকিলেই এই চিকিৎসালয়খনত বিচাৰি পোৱা নাযায় চিকিৎসক নাৰ্ছ। চিকিৎসক নাৰ্ছ থাকিলেও ৰোগীক দিবলৈ নাথাকে দৰৱ। আৰু নাৰ্ছ থাকোঁতে ঘটিল এই ঘটনা। এতিয়া ক্ষুব্ধ ৰাইজে বিচাৰিছে ব্যৱস্থা। এই শিশুটিৰ যদি কিবা গুৰুতৰ ক্ষতি হয় দায়িত্ব লব কোনে। প্ৰশ্ন অভিভাৱকৰ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...