দেশৰ পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব?

কোন হ’ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী?
কি কয় ৰাজনৈতিক কৌশল নিৰ্ধাৰণকাৰী প্ৰশান্ত কিশোৰে?

নিৰ্বাচন আহিলেই চৰ্চালৈ আহে ৰাজনৈতিক কৌশল নিৰ্ধাৰণকাৰী প্ৰশান্ত কিশোৰৰ নাম। কেইবাটাও নিৰ্বাচনত বিভিন্ন দলৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ কৌশল নিৰূপণ কৰি সেই দলবোৰক ক্ষমতালৈ অনাৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা।

২০১১ত গুজৰাটত মোদীক পুনৰ ক্ষমতালৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল প্ৰশান্ত কিশোৰে। ২০১৪ত মোদীৰ নেতৃত্বত বিজেপিক কেন্দ্ৰত ক্ষমতালৈ অনাত অন্যতম ভূমিকা আছিল প্ৰশান্ত কিশোৰ।

তৃণমূল পৰ্যায়লৈ গৈ সাধাৰণ মানুহৰ মনৰ কথাৰ বুজ লৈ প্ৰশান্ত কিশোৰে নিৰূপণ কৰে নিৰ্বাচনী প্ৰচাৰৰ কৌশল। অসমৰ জোঁৱাই প্ৰশান্ত কিশোৰে আৰু কেইবাটাও নিৰ্বাচনত JDU, DMK, তৃণমূল কংগ্ৰেছ আদি দলৰ সৈতে কাম কৰি সেই দলৰ চৰকাৰ সমূহক ক্ষমতাত অধিষ্ঠিত কৰাত সহায় কৰিছিল। এই প্ৰশান্ত কিশোৰে এতিয়া ভৱিষ্যৎবাণী কৰিছে দেশৰ পৰবৰ্তী চৰকাৰে বিজেপিৰ হ’ব বুলি।

প্ৰশান্ত কিশোৰৰ মতে বিজেপিৰ আসনৰ সংখ্যা ২০১৯ৰ দৰেই ৩০৩ বা অধিক হ’ব।

এই ক্ষেত্ৰত বিজেপিৰ নিৰ্বাচনী কৌশল সফল হৈছেঃ প্ৰশান্ত
‘বিজেপি এইবাৰ সফল হ’ল গ’লপষ্ট সলনি কৰাত’
বিজেপিৰ ৪০০ পাৰ শ্ল’গানো সহায়ক হ’ল বিজেপিৰ কৌশলত
নিৰ্বাচনৰ পূৰ্বৰে পৰা আলোচনাৰ বিষয় হৈ ৰ’ল– বিজেপিয়ে ৪০০ আসন পাব নে নাই?
ক’ৰবাত ৰৈ গ’ল চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ২৭২

প্ৰশান্ত কিশোৰৰ মতে–বিজেপিৰ এই কৌশলে সমগ্ৰ দেশত যাদুৰ দৰে কাম কৰিলে। শাসক–বিৰোধী, সংবাদ মাধ্যম সকলোৱে বিজেপিয়ে ৪০০ পাব নে নাপায় সেই চৰ্চাত ব্যস্ত থাকিল। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ২৭২ৰ চৰ্চা কোনেও কৰা নাছিল, অৰ্থাৎ নিৰ্বাচনৰ পূৰ্ৱেই বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি এটা ধাৰণা প্ৰতিষ্ঠা কৰাত সফল হ’ল। বিজেপিৰ এই কৌশলে নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব বুলিও মন্তব্য প্ৰশান্ত কিশোৰৰ। সেয়ে কিশোৰৰ মতে– NDA পুনৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত তেওঁ কোনো বাধা দেখা নাই।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...