ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ

‘হিন্দু সমাজক ন্যায় দিলে CAAই’
ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীয়ে

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মাজতে মুখ্যমন্ত্ৰীৰ মুখত পুনৰ CAAৰ প্ৰসংগ। ওড়িষাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক’লে নাগৰিকত্ব সংশোধনী আইনে হিন্দু সমাজক ন্যায় দিব। নাগৰিকত্ব সংশোধনী আইনৰ বাবে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে।

‘হিন্দু সমাজক ন্যায় দিলে CAAই’
ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ সময়তেই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰংগ আহিছে পুনৰ চৰ্চাত।এইবাৰ এই প্ৰসংগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ওড়িষাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে হিন্দু সমাজৰ বাবে ই এক ভাল খবৰ বুলি অভিহিত কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে হিন্দু সমাজক ন্যায় দিলে বুলিও মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দাবী কৰিলে নৰেন্দ্ৰ মোদী নিজৰ সকলো প্ৰতিশ্ৰুতি পালন কৰি আহিছে আৰু CAAৰ মাধ্যমেৰে নাগৰিকত্ব লাভ কৰা বিষয়টো মোদী চৰকাৰৰ প্ৰতিশ্ৰুতি পালনৰ অন্যতম উদাহৰণ। হিন্দু সমাজৰ বাবে মোদীয়ে কৰা কামৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে ধন্যবাদ।

সমগ্ৰ দেশতেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাই ওড়িষাৰ সভাতো কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰে।পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতলৈ ওভতাই অনাৰ দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আহিলে POKক পাকিস্তানৰ পৰা মুক্ত কৰা হ’ব বুলি দাবী অসমৰ মুখ্যমন্ত্ৰীৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’টত উৰণ...

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...