প্রাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজ্যৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন মন্ত্রী তথা বিশিষ্ট ৰাজনীতিক থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে থানেশ্বৰ বড়োৱে ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশ সাধনৰ বাবে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ছোৱাত বিভিন্ন গুৰুত্বপূর্ণ প্রচেষ্টা হাতত লৈছিল। মুখ্যমন্ত্রীয়ে কয় যে, অতি বিনয়ী তথা নম্র স্বভাৱৰ গুণৰ বাবে তেখেত ৰঙিয়া সমষ্টিবাসীৰ মাজত অতি জনপ্রিয় আছিল আৰু তিনিবাৰকৈ সমষ্টিটোৰপৰা বিধায়ক হিচাপে নির্বাচিত হৈছিল। বর্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয়া ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়।

মুখ্যমন্ত্রীয়ে প্রাক্তন মন্ত্রী তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...