প্রাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাজ্যৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন মন্ত্রী তথা বিশিষ্ট ৰাজনীতিক থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে থানেশ্বৰ বড়োৱে ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশ সাধনৰ বাবে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ছোৱাত বিভিন্ন গুৰুত্বপূর্ণ প্রচেষ্টা হাতত লৈছিল। মুখ্যমন্ত্রীয়ে কয় যে, অতি বিনয়ী তথা নম্র স্বভাৱৰ গুণৰ বাবে তেখেত ৰঙিয়া সমষ্টিবাসীৰ মাজত অতি জনপ্রিয় আছিল আৰু তিনিবাৰকৈ সমষ্টিটোৰপৰা বিধায়ক হিচাপে নির্বাচিত হৈছিল। বর্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয়া ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়।

মুখ্যমন্ত্রীয়ে প্রাক্তন মন্ত্রী তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...