আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা

কলং, নগাঁওবাসীৰ আৱেগ। কিন্তু সময়ৰ সোঁতত সেই আৱেগত কুঠাৰাঘাত হৈছিল এদিন। বহু যুগৰ স্মৃতি বুকুত বান্ধি নীৰৱে বোৱা কলং হৈ পৰিছিল তৰাং। নোহোৱা হৈ পৰিছিল কলংপৰীয়া সভ্যতা। তাৰ মাজতে আহিছে এটা আশাৰ খবৰ। আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা। মৰা কলঙে আকৌ প্ৰাণ পাব। ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বৈ আহিব কলঙলৈ।

নৈখনে আকৌ হাঁহিব
কুলকুলু শব্দৰে বৈ যাব
মৰা কলঙে আকৌ প্ৰাণ পাব
আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা
কবি, সাহিত্যিকে আকৌ সপোন ৰচিব পাৰিব কলঙক লৈ
আকৌ বৈ যাব নগাঁৱৰ প্ৰাণ কলং নৈ
এক আশাৰ খবৰ নগাঁওবাসীৰ বাবে, কলিয়াবৰবাসীৰ বাবে

১৩৫.৪০ কোটি টকা ব্যয়ৰে জীৱন্তে কৰা হ’ব মৰা কলঙক। কলিয়াবৰৰ হাতীমুৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বৈ আহিব কলঙলৈ। ২০২০ চনতেই নগাঁওবাসীৰ বুকুত এটি সেউজীয়া সপোন ৰোপন কৰি কলং পুনৰ জীৱিত কৰণ আঁচনিৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী কেশৱ মহন্তই। এই আঁচনিখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। প্ৰায় ৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ পৰা কলংমুখলৈ বোৱাই অনা হৈছে ব্ৰহ্মপুত্ৰৰ পানী। ইয়াৰ পিছতে জলসম্পদ বিভাগে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰৰ পানী শ্লুইচগেটেৰে কলঙত পেলোৱাৰ পৰীক্ষণৰ কাম। এই খবৰে আশাৰ সঞ্চাৰ কৰিছে কলংপৰীয়া ৰাইজৰ মনত।

সঁচাই এই খবৰ আশাৰ খবৰ। আশা কৰিছে সকলোৱে বহু যুগৰ স্মৃতি বুকুত বান্ধি নীৰৱে বোৱা কলঙে আকৌ কথা ক’ব। এই কলঙক লৈয়ে আকৌ সৃষ্টি হ’ব নতুন কবি দেৱকান্তৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...