পুনৰ ডিমা হাচাওত অঘটন, প্রবল বৃষ্টিৰ পাছত বান

মুষলধাৰ বৰষুণৰ পাছত নামিছে বানৰ ধল

প্রবল বৃষ্টিপাতৰ ফলত ব্যাহত হ’ল পথ-ৰে’ল যোগাযোগ

বোকাত ডুব গৈছে ৰে’লৰ কেইবাটাও টানেল

ডিমা হাচাওত পুনৰ ৰুদ্রৰূপ লৈছে প্রকৃতিয়ে। প্রচণ্ড বৰষুণৰ পাছত আকৌ এবাৰ প্রাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে পাৰ্বত্য জিলাখন। পথ আৰু ৰে’ল যোগাযোগ ব্যাহত হোৱাৰ ফলত ডিমা হাচাও জিলাৰে ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। কেইবা স্থানতো ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। আনহাতে কেইবা স্থানতো ৰে’ল পথৰ ওপৰত পানী আৰু বোকা জমা হোৱাৰ ফলতো ৰে’ল যোগাযোগো ব্যাহত হৈ পৰিছে।  

নিউ জাতিংগা-বদৰপুৰৰ মাজৰ কেইবা স্থানত পানীয়ে ছিঙিলে পথ

পানীয়ে বুৰাই পেলালে ৰে’ল পথৰ ১৪ নং টানেল

বিদ্যুৎ পৰিসেৱাও হৈছে বিঘ্নিত, মাইবঙত উভালি পৰিল বিদ্যুতৰ খুঁটা

এই বিস্ফোৰণৰ ফলত হাফলং চহৰৰ পৰিস্থিতিও শোচনীয় হৈ পৰিছে। চহৰখনৰ বিভিন্ন প্রান্তত নামিছে পানীৰ ধল। হাফলং লেকৰ বাঢ়নী পানীয়ে বুৰাইছে চহৰখনৰ বিভিন্ন প্ৰান্ত। চহৰখনৰ কনভেণ্ট ৰোডত লেকৰ পৰা ওলাই অহা পানীৰ ফলত কৃত্ৰিম বান।

হাফলং ৰাম নগৰত বহু ঘৰ হ’ল ক্ষতিগ্রস্ত

জাতিংগা-হাৰাংগাঝাওৰ মাজত ৰাষ্ট্ৰীয় পথৰ ওপৰত পানী

ব্যাহত হ’ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাতায়াত

যোৱা বছৰো মুষলধাৰ বৃষ্টিয়ে পাৰ্বত্য জিলাখনত কৰিছিল ব্যাপক ক্ষতি। জিলাখনৰ আন্তঃগাঁথনিৰ হৈছিল বিস্তৰ ক্ষতিসাধন। পুনৰ বৰষুণসৃষ্ট পাৰ্বত্য জিলাখনত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...