অনুৰ্দ্ধ-১৬ ক্ৰিকেট: বাংলাদেশ ভ্ৰমণৰ প্ৰথম খেলত ৮ উইকেটত জয়ী অসম

জুলিয়েনৰ শতৰানসহ দুৰন্ত বেটিঙৰ সহায়েৰে বাংলাদেশ ভ্ৰমণৰত অসমৰ ১৬ বছৰৰ ক্ৰিকেট দলটো প্ৰথমখন খেলত ৮ উইকেটত জয়ী হৈছে । ৰাজশাহী নগৰীত বাংলাদেশৰ ১৫ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে হোৱা তিনিদিনীয়া খেলখনত জয়ৰবাবে অসমক দ্বিতীয় ইনিংছত ১৪৩ ৰানৰ প্ৰয়োজন হৈছিল, যিটো তেওঁলোকে ২৮-১ অভাৰত দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে । ভ্ৰমণকাৰী দলৰহৈ অপেনাৰ জুলিয়েনে অপৰাজিত ৬৫ আৰু অধিনায়ক অমন যাদৱে অপৰাজিত ৫০ ৰান কৰে । প্ৰথম ইনিংছত ১২২ ৰান কৰা জুলিয়েনে লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান ।

উল্লেখৰ প্ৰয়োজন, প্ৰথম ইনিংছত অসম ১২ ৰানত আগবাঢ়ি আছিল । দ্বিতীয় ইনিংছতো অসমৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ঘৰুৱা দলটোৱে ৫৭-৪ অভাৰত, ১৫৪ ৰান কৰিয়েই অল-আউট হয় । অসমৰহৈ ৰাহুল তামূলীয়ে ৩০ ৰানত সৰ্বাধিক তিনিটা উইকেট লাভ কৰে । অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিৱ কোঁৱৰে বিদেশৰ মাটিত উঠি অহা খেলুৱৈসকলে দাঙি ধৰা এই প্ৰদৰ্শনক ভূয়সী প্ৰশংসা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...