গুৱাহাটীত এছিয়ান জুনিয়ৰ আন্তৰ্জাতিক টেনিছ

অহা ছয় মে’ৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এছিয়ান জুনিয়ৰ টেনিছ প্ৰতিযোগিতা৷ আজি বিষয়ে সদৰি কৰিছে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷ উল্লেখ্য যে এছিয়ান টেনিছ ফেডাৰেচনে গুৱাহাটীত আয়োজন কৰা উক্ত আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ সঞ্চালক হিচাপেও দত্তকে নিযুক্তি দিছে৷ প্ৰতিযোগিতাখনৰ আয়োজন সন্দৰ্ভত দত্তই অৱগত কৰা অনুসৰি সদৌ অসম টেনিছ সন্থাৰ গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত ছয়দিনীয়া এই আন্তৰ্জাতিক প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব৷

১৪ বছৰ অনূধ্বৰ্ৰ এছিয়ান টেনিছ ফেডাৰেচনৰ স্বীকৃত ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত এছিয়া মহাদেশৰ কেবাখনো দেশৰ খেলুৱৈয়ে অংশ ল’ব৷ ইতিমধ্যে আয়োজক ভাৰতৰ লগতে চীন, কোৰিয়া আৰু থাইলেণ্ডৰ খেলুৱৈসকলে অংশগ্ৰহণ নিশ্চিত কৰিছে৷ প্ৰতিযোগিতাখনত প্ৰায় ৭০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰি দত্তই লগতে জনাই যে সদৌ অসম টেনিছ সন্থাই এছিয়ান টেনিছ ফেডাৰেচনে দিয়া নিদেৰ্শ অনুসৰি ভাৰতীয় টেনিছ সন্থাৰ সহযোগত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

ইফালে, ছয় পৰা অহা ১১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এছিয়ান টেনিছ ফেডাৰেচনে বংগৰ সোমনাথ মান্নাক ৰেফাৰী হিচাপে নিযুক্তি দিছে৷ উল্লেখ্য যে অসম টেনিছ সন্থাই প্ৰতি বছৰে গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত কেবাখনো ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰি আহিছে৷ চচল টেনিছ প্ৰকল্পৰ উন্নত আন্তঃগাঠনি তথা খেলুৱৈয়ে লাভ কৰা সা-সুবিধাৰ লগতে সদৌ অসম টেনিছ সন্থাৰ সুন্দৰ আয়োজনে গুৱাহাটীত অধিক আন্তৰ্জাতিক প্ৰতিযোগিতা আয়োজনৰ বাট মুকলি কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...