‘ক’ভিশ্বিল্ড’ৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াক লৈ সৃষ্ট উদ্বিগ্নতাৰ মাজত আশাৰ খবৰ

‘ক’ভিশ্বিল্ড’ৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াক লৈ সৃষ্ট উদ্বিগ্নতাৰ মাজত আশাৰ খবৰ
‘ক’ভিশ্বিল্ড’ৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া অতি দুৰ্লভ বুলি মন্তব্য বিশেষজ্ঞৰ
১০ লাখৰ ভিতৰত মাথোঁ ৭–৮জন আক্ৰান্ত হ’ব পাৰে TTSৰ দৰে দূৰাৰোগ্য ৰোগত
এই মন্তব্য ICMRৰ বিজ্ঞানী তথা শীৰ্ষ মহামাৰী বিশেষজ্ঞ ৰমন গংগাখেদকৰৰ


আপুনি বাৰু COVID 19ৰ প্ৰতিষেধক হিচাপে ‘ক’ভিশ্বিল্ড’ৰ টীকা গ্ৰহণ কৰিছিল নেকি? ‘ক’ভিশ্বিল্ড’ৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ খবৰে আপোনাক উদ্বিগ্ন কৰিছে নেকি? তেতিয়াহ’লে আপোনাৰ বাবে আছে সুখবৰ।‘ক’ভিশ্বিল্ড’ৰ এই পাৰ্শ্ব প্ৰতিক্ৰিয়া খুবেই দুৰ্লভ বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে।মহামাৰী বিশেষজ্ঞ তথা INDIAN COUNCIL FOR MEDICAL RESEARCHৰ প্ৰাক্তন বিজ্ঞানী ৰমন গংগাখেদকৰৰ মতে এনেধৰণৰ ভেকচিন ব্যৱহাৰৰ ক্ষেত্ৰত দুৰ্লভ ৰোগৰ আশংকা কিছু থাকে। কিন্তু সেই আশংকা অতি বিৰল।ভেকচিনৰ প্ৰথমটো ড’জ লোৱাৰ সময়ত বিপদৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে। দ্বিতীয়টো ড’জ লোৱাৰ পিছত সেই আশংকা কিছু কমি যায়।প্ৰথম দুই বা তিনি মাহৰ ভিতৰতে পাৰ্শ্ব প্ৰতিক্ৰিয়াই দেখা দিয়ে।ভেকচিনৰ তৃতীয়টো ড’জ লোৱাৰ পিছত এই আশংকা প্ৰায় নোহোৱা হৈ যায়।

‘ক’ভিশ্বিল্ড’ৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰস্তুতকৰ্তা এষ্ট্ৰজেনেকাৰ স্বীকাৰোক্তিক লৈ চাঞ্চল্য
এষ্ট্ৰজেনেকাৰ মতে কোনো ক্ষেত্ৰত তেজৰ কণিকা গোট মৰাত বাধাৰ সৃষ্টি কৰে এই ভেকচিনে
অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগিতাত আৱিষ্কাৰ হৈছিল এই ভেকচিন
ভাৰতত চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছিল ‘ক’ভিশ্বিল্ড’ ভেকচিন
দেশৰ জনসংখ্যাৰ ৯০ শতাংশকে দিয়া হৈছিল এই ভেকচিন


২০২১ৰ পৰা ক’ভিডৰ প্ৰতিষেধক হিচাপে ব্যাপক হাৰত ব্যৱহাৰ হৈছিল ‘ক’ভিশ্বিল্ড’ ভেকচিন।একাংশ চিকিৎসক আৰু স্বেচ্ছাসেৱী সংগঠনে পৰ্যাপ্ত পৰীক্ষা নকৰাকৈ এনে ভেকচিন ব্যৱহাৰৰ বিৰোধিতা কৰিছিল।শেহতীয়াকৈ ‘ক’ভিশ্বিল্ড’ৰ ৱ্যবহাৰৰ ক্ষেত্ৰত বিশেষজ্ঞৰ আশ্বাসে আপোনাকো কিছু আশ্বস্ত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...