উচ্চতম ন্যায়ালয়তো বিমুখ হ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

উচ্চতম ন্যায়ালয়তো বিমুখ হ’বলগীয়া হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। EDৰ দ্বাৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ কৰাৰ পিছত বুধবাৰে উচ্চতম ন্যায়ালয়তো খাৰিজ হয় কেজৰিৱালৰ আবেদন। উচ্চ ন্যায়ালয়ত বিমুখ হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বুধবাৰে কেজৰিৱালৰ এই আবেদনৰ শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সৰ্বস্ব ন্যায়ালতে শুনানি গ্ৰহণৰ পৰা বিৰত থাকে। ফলত অহা সোমবাৰলৈকে তিহাৰ কাৰাগাৰত কটাব লাগিব মুখ্যমন্ত্ৰী কেজৰিৱাল। EDৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি কেজৰিৱালে ইতিমধ্যে দাবী কৰি আহিছে যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। আবকাৰী কেলেংকাৰিৰ ভুৱা গোচৰত তেওঁক EDয়ে গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। উচ্চ ন্যায়ালয়ত এই আবেদন নাকচ হোৱাৰ পাছত কেজৰিৱালে তাৎক্ষণিকভাৱে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও এইবাৰ সেই আবেদনো খাৰিজ কৰে সৰ্বস্ব ন্যায়ালয়ে। অহা সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কাম–কাজ আৰম্ভ হোৱাৰ পিছতহে কেজৰিৱালৰ আবেদনৰ শুনানি সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ন্যায়ালয়ে। উল্লেখ্য যে আবকাৰী কেলেংকাৰি গোচৰত অহা ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কেজৰিৱালক। ইপিনে কাৰাগাৰত থকাৰ সময়তে কেজৰিৱালৰ বিৰুদ্ধাচৰণ কৰি পদত্যাগ কৰে দিল্লীৰ মন্ত্ৰী তথা ‘আপ’ৰ শীৰ্ষ নেতা ৰাজকুমাৰ আনন্দে। বুধবাৰে মন্ত্ৰিত্ব ত্যাগ কৰাৰ লগতে দল ত্যাগৰ কথাও ঘোষণা কৰে ৰাজকুমাৰে। যোৱা নৱেম্বৰত আবকাৰী কেলেংকাৰি সম্পৰ্কত ৰাজকুমাৰৰ ঘৰতো তালাচী চলাইছিল ED-এ। দিল্লীৰ সমাজকল্যাণ আৰু শ্ৰম মন্ত্ৰালয়ৰ দায়িত্বত থকা ৰাজকুমাৰ আনন্দৰ মন্ত্ৰিত্ব তথা দল ত্যাগ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ‘আপ’ৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।

ED-ৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী কেজৰিৱালে
কেজৰিৱালৰ আবেদনৰ শুনানি গ্ৰহণ নকৰিলে ন্যায়ালয়ে
অহা সোমবাৰে পৰৱৰ্তী শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা
ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালে জনাইছিল আবেদন
উচ্চ ন্যায়ালয়ো খাৰিজ কৰিছিল কেজৰিৱালৰ আবেদন
১৫ এপ্ৰিললৈকে তিহাৰ কাৰাগাৰত থাকিব লাগিব কেজৰিৱাল
কাৰাগাৰত থকাৰ সময়তে পদত্যাগ দিল্লীৰ মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ
‘আপ’ৰ দুৰ্নীতিগ্ৰস্ত দল আখ্যা ৰাজকুমাৰ আনন্দৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...