KKRৰ বিৰুদ্ধে আজি অৱতীৰ্ণ হ’ব CSK

ইতিহাস ৰচিলে পাঁচবাৰৰ IPL চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে। T20 ফৰ্মেটত ১৫০খন মেচত জয়লাভ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ল মুম্বাই ইণ্ডিয়ানছ। একেখন মেচতে IPLৰ চলিত সংস্কৰণত প্রথমটো জয়ৰ মুখ দেখিলে মুম্বাই ইণ্ডিয়ানছে। আজি এম. এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭-৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ।

দেওবাৰে ৱাংখেড়ে ষ্টেডিয়ামত ইতিহাস ৰচিলে পাঁচবাৰৰ IPL চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে। T20 ফৰ্মেটত ১৫০খন মেচত জয়লাভ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ল মুম্বাই ইণ্ডিয়ানছ। একেখন মেচতে IPLৰ চলিত সংস্কৰণত প্রথমটো জয়ৰ মুখ দেখিলে মুম্বাই ইণ্ডিয়ানছে। হার্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাইয়ে দিল্লী কেপিটেলছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ২৯ ৰানত।

ঘৰুৱা খেলপথাৰত অন্তিম অভাৰত ৰোমাৰিঅ’ শ্বেফার্ডে কৰা চমকপ্রদ প্ৰদৰ্শনৰ সহায়ত প্রথমে বেট ধৰি মুম্বাইয়ে দিল্লীৰ সন্মুখত ২৩৫ ৰানৰ লক্ষ্য নির্ধাৰণ কৰি দিছিল। কিন্তু নির্ধাৰিত অভাৰত ৮টা উইকেটৰ বিনিময়ত ২০৫ ৰান কৰি লক্ষ্যৰ পৰা দূৰত থমকি ৰয় দিল্লী কেপিটেলছ। মুম্বাইৰ হৈ গায়ানাৰ ৰোমাৰিঅ’ শ্বেফার্ডে শেষৰটো অভাৰত সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰি চলিত আই পি এলৰ এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ হিচাপে এক অভিলেখো অৰ্জন কৰে। ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখন উপভোগ কৰে ১৮ হাজাৰ শিশুৱে। বাৰ্ষিক ESA (Education and Sports For All)ৰ অংশ হিচাপে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুসকলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰিলায়েন্স ফাউণ্ডেচনে।

দেওবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৩ ৰানত জয়ী হয় লক্ষ্ণৌ। লক্ষ্ণৌৱে বান্ধি দিয়া ১৬১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ১৩০ ৰানতে অল আউট গুজৰাট।

আজি এম. এ চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া ৭-৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ। ক্রমাগতভাৱে দুখন মেচত পৰাস্ত হৈ কিছু সংশোধনেৰে খেলপথাৰত নামিব চেন্নাই। চলিত আই পি এলত CSKৰ হৈ এতিয়ালৈকে সর্বাধিক ১৪৮ ৰান সংগ্রহ কৰিছে শিৱম ডুবেই। চলিত টুৰ্নামেন্টৰ ৩খন মেচতে বিজয় সাব্যস্ত কৰি পইন্টছ টেবুলৰ দ্বিতীয় স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ। পইন্টছ টেবুলৰ চতুৰ্থ স্থানত আছে চেন্নাই ছুপাৰ কিংছ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...