কাজিৰঙা কাৰ্বি আংলং পৃষ্ঠভুমিত বিৰল প্ৰজাতিৰ দীঘল নেজীয়া আৰোহন কৰিব পৰা নিগনিৰ সন্ধান 

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উভচৰ প্ৰাণী বিশেষজ্ঞ ফিৰোজ আহমেদৰ ত্বতাৱধানত কাজিৰঙাৰ কঁহৰা নদী উপত্যকাত ক্ষেত্ৰ অধ্যয়ন কৰি থকা সংগঠনটোৰ এটা গৱেষকৰ দলে কাৰ্বি আংলং জিলাৰ ৰংতাৰা নামৰ গওঁখনত ৬২ বছৰৰ পিচত দ্বিতীয় বাৰৰ বাবে এছীয় প্ৰজাতিৰ দীঘল নেজৰ নিগনিৰ উপস্থিতিৰ তথ্য নথিভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ এই প্ৰজাতি দীঘল নেজীয়া নিগনিয়ে সহজতেই ওপৰলৈ আৰোহন কৰিব পাৰে বাবেই ইয়াক ক্লাইম্বিং মাউচ বুলিও কোৱা হয় ৷ বিগত বৰ্ষৰ জুন মাহৰ ৫ তাৰিখে কঁহৰা নদীৰ উপত্যকাত স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা ক্ষেত্ৰ অধ্যয়নৰ সময়ত দলটোয়ে ৰংতাৰা গাওঁত এই প্ৰজাতিটো প্ৰত্যক্ষ কৰে । আন্ত:ৰাষ্ট্ৰীয় জৰ্ণাল অৱ থ্ৰিটেণ্ড টেক্সা নামৰ বিজ্ঞান আলোচনীত বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ ২৬ তাৰিখে এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছিল ৷

কঁহৰাৰ সমীপৰে ৰংতাৰা গাওঁৰ বাসিন্দাৰ সহযোগত অঞ্চলটোত আৰণ্যকৰ গৱেষক সৌৰভ গুপ্তা আৰু জয়ন্ত ৰয়ৰ নেতৃত্বত কৰা ক্ষেত্ৰ অধ্যয়নৰ সময়ত দলটোয়ে মৃত নিগনিটো দেখিবলৈ পাইছিল ৷ দীঘল নেজীয়া এই নিগনিটোক কাৰ্বি ভাষাত জুকিকচ’ বুলি স্থানীয় কাৰ্বি লোকে অভিহিত কৰে ৷ গৱেষকৰ দলটোয়ে ঝুম খেতিৰ সমীপৰ এজোপা বাঁহ গছৰ কাষত এই মৃত দীঘল নেজীয়া নিগনিটো দেখা পায় ৷ ইয়াৰ পিচতেই আৰণ্যকৰ গৱেষকৰ দলটোয়ে মৃত নিগনিটোক এছীয় প্ৰজাতিৰ দীঘল নেজীয়া ওপৰলৈ বগাব পৰা নিগনি বা এছিয়াটিক লং-টেইলড ক্লাইম্বিং মাউচ ( Vandeleuria oleraceaভ ) বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ লগে লগেই কঁহৰাৰ সমীপৰ কাৰ্বি আংলংৰ ৰংতাৰা গাওঁৰ কাষৰীয় অঞ্চল এই নিগনিৰ অসমত পোৱা দ্বিতীয় আৱাসিক অঞ্চল বুলিও চিনাক্ত হয় ৷ ইয়াৰ আগতে ১৯৬১ চনত অসমৰ কামৰূপ জিলাৰ অংগৰখাতা গাঁৱত প্ৰথম বাৰৰ বাবে এই এছীয় প্ৰজাতিৰ দীঘল নেজীয়া  নিগনিৰ দেখিবলৈ পোৱা গৈছিল ৷ আৰণ্যকৰ গৱেষকৰ সাফল্যৰ পিচত কঁহৰাৰ সমীপৰ কাৰ্বি আংলং জিলাৰ  ৰংতাৰা এই প্ৰজাতিৰ দ্বিতীয় চিনাক্ত আৱাস হিচাবে পৰিগনিত হৈছে ৷

আৰণ্যকৰ এই গৱেষক দলৰ অন্যতম সদস্য অসম বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু জৈৱ বিদ্যাৰ বিভাগৰ গৱেষক  সৌৰভ গুপ্তাই জনোৱা মতে দীঘল নেজিয়া আৰু ওপৰলৈ বগাব পৰা এই প্ৰজাতিৰ নিগনি ( ভাণ্ডেলুৰিয়া ওলেৰেচা )হৈছে আন্ত: ৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এনৰ এল চি শ্ৰেণীৰ হিচাবে স্বীকৃত এটা প্ৰাণী ৷ সচৰাচৰ এই দীঘল নেজীয়া নিগনিক দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...