নীতিশ কুমাৰৰ কথাত কিয় হাঁহি ৰখাব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে?

নীতিশৰ কথা
মোদীৰ হাঁহি
নীতিশ কুমাৰৰ কথাত কিয় হাঁহি ৰখাব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে?

বিহাৰত নিৰ্বাচনী সভাত একেলগে মঞ্চত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ভাষণ দিছে NDAত পুনৰ এবাৰ অন্তৰ্ভূক্ত হোৱা নীতিশ কুমাৰে। সঘনাই পাভলুটি মৰা নীতিশ কুমাৰে ভাষণৰ মাজত এনে কথা কৈ পেলালে হাঁহি ৰখাবই নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে। ১০ বছৰতে ৬ বাৰ জোঁট সলনি কৰা নীতিশ কুমাৰৰ এনে প্ৰতিশ্ৰুতি শুনি কোনেনো বাৰু হাঁহি নুঠিব। প্ৰধানমন্ত্ৰীসহ মঞ্চত থকা আনসকলেও হাঁহি ৰাখিব নোৱাৰিলে।

নীতিশ কুমাৰে প্ৰতিশ্ৰুতি দিলে ভৱিষ্যতে তেওঁ NDAতে থকিব। আন ক’লৈকো নাযায়। নীতিশ কুমাৰৰ অমৃত হেন এই বাণী আপোনাৰো চাগে বাৰে বাৰে শুনিবলৈ মন যাব।

শনিবাৰে বিহাৰৰ ঔৰংগাবাদত এখন জনসভাত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰে। পিছে নীতিশ কুমাৰৰ কথাই হাঁহিৰ ঢৌ তুলিলে সভাত। নীতিশ কুমাৰ কথাই পূৰ্বৰ আন কিছুমান কথাও মনত পেলাই দিলে। এইজনে পূৰ্বে এনডিএ এৰাৰ সময়ত কৈছিল

মই মৰি গ’লেও মোদীৰ কাষলৈ নাযাও
এইবাৰ আকৌ ওলোটা খৰ

কথা শুনি হাঁহি ৰখাবই নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...