ডিগবৈত আপৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সংবাদমেল

মিছন বসুন্ধৰা-২.০ ৰূপায়ণত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আপৰ
ভূমিপুত্ৰক বঞ্চনাৰ অভিযোগ আপৰ নেতাৰ

মিছন বসুন্ধৰা-২.০ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ হ’ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ। বসুন্ধৰা-২.০ৰ অধীনত প্ৰকৃত ভূমিহীন লোকসকল উপকৃত হোৱা নাই। চাহ জনগোষ্ঠী আদিবাসীসকলৰ উপৰিও মৰাণ-মটক জনগোষ্ঠীৰ লোককো বঞ্চিত কৰিছে চৰকাৰে। চৰকাৰে যদিও থলুৱা ভূমিহীন লোকক ভূমি আৱণ্টন দিয়াৰ কথা কৈছে, প্ৰকৃততে শাসকীয় বিজেপিৰ সৈতে ঘনিষ্ঠসকলকহে ভূমি আৱণ্টন দিয়া হৈছে। সৰ্বসাধাৰণ ৰাইজক বঞ্চিত কৰা হৈছে ভূমিৰ অধিকাৰৰ পৰা। আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত কৰদৈগুৰি গাঁও পঞ্চায়তৰ ২৪টা মৰাণ জনগোষ্ঠীৰ পৰিয়াল দীৰ্ঘদিনধৰি খহনীয়া বিধ্বস্ত হৈ বিদ্যালয় গৃহত আশ্ৰয় লৈ থকাৰ সত্বেও তেওঁলোকক ভূমি আৱণ্টন দিয়া হোৱা নাই।

ধানোৱাৰৰ প্ৰশ্ন – খহনীয়া বিধ্বস্ত এই পৰিয়ালকেইটা ভূমিপুত্ৰ নহয়নে? নাহৰচুক গাঁৱত মটক জনগোষ্ঠীৰ ৩০টাকৈ পৰিয়ালে বসুন্ধৰা-২.০ আঁচনিৰ অধীনত আৱণ্টন লাভৰ আৱেদন কৰিছিল, তেওঁলোককো বঞ্চিত কৰা হৈছে। মাথো ৮টা পৰিয়ালক আৱণ্টন দিয়া বুলি দেখুৱাইছে। কিন্তু সেই ৮টা পৰিয়ালক পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই ভূমিৰ আৱণ্টন দিয়া হৈছিল। বিহাটিং চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৩৫০ গৰাকী, বৰবৰুৱা চাহ বাগিছাত ভূমিহীন স্থায়ী শ্ৰমিকৰ সংখ্যা ৬০৩ গৰাকী। এইসকল শ্ৰমিকক ভূমিৰ আৱণ্টনৰপৰা বঞ্চিত কৰা হৈছে। তেওঁলোকে আৱেদন কৰা স্বত্বেও বসুন্ধৰা-২.০ আঁচনিৰ অধীনত চৰকাৰে ভূমিপ আৱণ্টন দিয়া নাই। এনেদৰে আপ নেতাগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিয়ে খিলঞ্জীয়া জনগোষ্ঠীক উপকৃত কৰা নাই।

আনহাতে সমাগত লোকসভা নিৰ্বাচনত উন্নয়নৰ শ্লোগানকেই মূল শ্লোগান হিচাপে লোৱা বুলি কয় আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। শিক্ষা আৰু স্বাস্থ্যৰ লগতে অনান্য বিভাগতো উন্নয়নমূলক আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে নেতাগৰাকীয়ে। ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। আন্তঃগাঁথনি নিৰ্মানত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগত সৰৱ নেতাগৰাকীৰ অভিযোগ- মাথো কমিছনৰ অংকত কাম কৰিছে চৰকাৰে।

নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা-ৰ সন্দৰ্ভত দলৰ স্থিতি প্ৰকাশ কৰি নেতাগৰাকীয়ে কয় যে আম আদমি পাৰ্টীয়ে কা সমৰ্থন নকৰে। কা-ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনক সমৰ্থন কৰিব আপে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...