NKTV Plusৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’

কুমুদ চন্দ্ৰ হাজৰিকা (ৰঞ্জু হাজৰিকা)লৈ ‘সাহিত্য উন্মেষ বঁটা’
কেবিনেট মন্ত্ৰী যোগেন মহনলৈ ‘জননেতা ড॰ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা’
উদীয়মান কণ্ঠশিল্পী প্ৰাণদ্বীপলৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’

২০২০ চনৰ ৮ জানুৱাৰীত নদীদ্বীপ মাজুলীত আত্মপ্ৰকাশ কৰা সাপ্তাহিক ‘অসম বাৰ্তা’ কাকতৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠানটো ৩১ মাৰ্চ, ২০২৪ তাৰিখে গুৱাহাটীত আয়োজন কৰা হৈছে৷ উক্ত অনুষ্ঠানটোতে গুৱাহাটীৰ পৰা দৈনিকৰূপে আত্মপ্ৰকাশ পাব লগা ‘অসম বাৰ্তা’ কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব আৰু ‘অসম বাৰ্তা’ গোষ্ঠীয়ে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা প্ৰদান কৰা হ’ব৷ আজি ‘অসম বাৰ্তা’ গোষ্ঠীৰ সম্পাদক তনয় বৰাই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ২০২৪ বৰ্ষৰ গোষ্ঠীটোৰ বঁটা প্ৰাপক সকলৰ নাম ঘোষণা কৰে। ২০২৪ বৰ্ষৰ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ৷ গোস্বামী বৰ্তমান অসমৰ আগশাৰীৰ বৈদু্যতিন মাধ্যম ‘NKtv’ৰ লগতে অসমীয়া দৈনিক কাকত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক৷ ১৯৮৬ চনত চন্দ্ৰপ্ৰসাদ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘নতুন দৈনিক’ কাকতৰ জৰিয.তে সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰা গোস্বামী পৰৱৰ্তী সময়ত আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতৰ সাংবাদিক, সম্পাদক, কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১২ বছৰ ধৰি বৈদু্যতিন মাধ্যম ‘DY ৩৬৫’ৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনৰো অধিক গ্ৰন্থৰ ৰচনাৰে বিৰামহীন বৰ্ণিল যাত্ৰা অব্যাহত ৰখা ৰহস্য সম্ৰাট কুমুদ চন্দ্ৰ হাজৰিকা(ৰঞ্জু হাজৰিকা)লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ‘সাহিত্য উন্মেষ বঁটা’৷ চিত্ৰকল্প নিৰ্মাণ, কাহিনী নিৰ্মাণৰ দক্ষতা, শব্দৰ খেলা যাদুৰে ৰঞ্জু হাজৰিকাই অসমৰ জনসাধাৰণৰ আত্মাত যিধৰণে নিগাজি স্থান দখল কৰিলে সেইয়া অতুলনীয়।

২০২৪ বৰ্ষৰ ‘জননেতা ড॰ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা’ আগবঢ়োৱা হৈছে কেবিনেট মন্ত্ৰী তথা ৯৪ নং মাহমৰা সমষ্টিৰ বিধায়াক যোগেন মহনলৈ৷ অসমৰ মাননীয় ড॰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন দক্ষ ৰাজনীতিবিদ যোগেন মহেন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷

নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম৷ তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰে৷ দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়, সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভুক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ নৱচামক উৎসাহিত কৰাৰ উদ্দেশ্যৰে গোষ্ঠীয়ে প্ৰৱৰ্তন কৰা ২০২৪ বৰ্ষৰ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ আগবঢ়োৱা হৈছে উদীয়মান কণ্ঠশিল্পী প্ৰাণদ্বীপলৈ৷ ‘মইনা তুমি জুই’, ‘যুদ্ধ’ আদি কেইবাটাও গীতেৰে জনপ্ৰিয় হৈ পৰা প্ৰাণদ্বীপ অসমৰ সাংস্কৃতিক জগতৰ এটি যুৱ প্ৰতিভা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...