আশা কৰা হৈছিল এইবাৰ বাঢ়িব পৰ্যটক, কিন্তু সদ্যপ্ৰকাশিত তথ্যই আশাত ধালিছে চেঁচাপানী

আশা কৰা হৈছিল এইবাৰ বাঢ়িব পৰ্যটক। বিয়াগোম পৰ্যটন বিভাগে দিলে বিজ্ঞাপন। বিনিয়োগো কৰিলে বিদেশত গৈ অনুষ্ঠানত। কিন্তু সদ্যপ্ৰকাশিত তথ্যই আশাত ধালিছে চেঁচাপানী।
পৰ্যটক বঢ়াতকৈ কমিছেহে। চিন্তাত পৰ্যটন উদ্যোগী।

মন কৰিব পৰ্যটন বিভাগ!
কি হৈছে?
প্ৰশ্ন উঠিছে, উঠিব।
চলি আছে কাজিৰঙা পৰ্যটন বৰ্ষ।
আশা কৰা হৈছিল সুশোভিত কাজিৰঙালৈ আহিব পূৰ্বতকৈ অধিক পৰ্যটক।
কিন্তু প্ৰাপ্ত তথ্যই ভংগ কৰিছে সেই আশা।
তথ্য অনুসৰি, ২০২২–২৩ পৰ্যটন বৰ্ষৰ প্ৰথম চাৰিটা মাহত পৰ্যটকৰ সংখ্যা আছিল ১,৭২,৯০৩
বিপৰীতে, এই বৰ্ষৰ প্ৰথম ৪ মাহৰ পৰ্যটকৰ সংখ্যা ১,৭১,৩৭৩
অৰ্থ্যাৎ ১৫৩০ জন কমকৈ আহিল এই বৰ্যত প্ৰথম ৪ মাহৰ পৰ্যটক।
পৰ্যটন বিভাগে বিজ্ঞাপন বনাইছে।
বিদেশত পৰিৱেশন কৰিছে অভিযান।
কিন্তু নিস্ফল যেন সমস্ত।
পৰ্যটকৰ সংখ্যাই দিছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ।
চলিত পৰ্যটন বৰ্ষত উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ক্ৰমে
অক্টোবৰ-১৭,২২১,
নৱেম্বৰ-৩৫,০০৬,
ডিচেম্বৰ-৬৫,১৩৯
জানুৱাৰী-৫৩,৯৫৭
এই সংখ্যাই এতিয়া স্বাভাৱিকতে চিন্তিত কৰি তুলিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যৱসায়ী তথা সচেতন মহলক।
জীপ, হাতী, লজ, হোটেল, ৰেষ্টুৰেন্ট ব্যৱসায় পূৰ্বৰ বৰ্ষতকৈ সেমেকা।
কাজিৰঙাৰ একাংশ পৰ্যটন উদ্যোগীৰ মতে পৰ্যটন বিভাগৰ উদাসীনতা, নতুনত্বহীনতাৰ বাবেই ক্ৰমাৎ কাজিৰঙাত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা

ৰাজ্যৰ পৰ্যটন বিভাগ কাজিৰঙাত কেৱল নামতহে আছে বুলিও ক্ষোভ ব্যক্ত কৰে পৰ্যটন ব্যৱসায়ীসকলে।

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কাজিৰঙাত কেৱল জীপ চাফাৰী, হাতী চাফাৰী কৰিয়েই উভতি যাবলগীয়া হয় দূৰ দুৰণিৰ পৰা অহা দেশী-বিদেশী পৰ্যটক। বন বিভাগে কিছু চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া যথেষ্ট হয়নে নহয় সেয়া উত্তৰ পৰিসংখ্যাই দিব।
কেৱল যেন প্ৰচাৰতে দায়িত্ব শেষ ৰাজ্যৰ বিয়াগোম পৰ্যটন বিভাগৰ।
অসম পৰ্যটনৰ হৃদপিণ্ডস্বৰূপ কাজিৰঙাক লৈ হেমাহিৰ অভিযোগ উঠিছে।
পৰ্যটনৰ বাবে বিনিয়োগ চলিছে।
বিদেশত বিয়াগোম বিনিয়োগৰে অনুষ্ঠানো পাতিছে।
কিন্তু সঠিক ৰূপত হৈছেনে?
উত্তৰ পৰিসংখ্যাই দিব!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...